মানকাচৰৰ পূৱেৰ গাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান...

মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী পূৱেৰ গাঁৱত আৰক্ষীয়ে নিশা ড্ৰাগছবিৰোধী অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট আৰু নগদ ধন সহ এটা মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলা ড্ৰাগছ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল সংবাদ, মানকাচৰঃ  মানকাচৰ-বাংলাদেশ সীমান্তৱৰ্তী পূৱেৰ গাঁৱত আৰক্ষীয়ে নিশা ড্ৰাগছবিৰোধী অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট আৰু নগদ ধন সহ এটা মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলা ড্ৰাগছ সৰবৰাহকাৰীটোক বাবলি ছুলতানা ওৰফে ৰূপালী খাতুন (২৪) বুলি চিনাক্ত কৰা হৈছে।

গোপন সুত্ৰৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক কিশোৰ ডেকাৰ নেতৃত্বত আৰক্ষীৰ দল এটা নিশা পূবেৰ গাঁৱৰ বাবলি ছুলতানাৰ ঘৰত অভিযান চলায়। আৰক্ষীয়ে ঘৰখনৰ পৰা ১৪৪০ টা নিচাডাতীয় কেপচুল আৰু নগদ ৯১০০ টকা উদ্ধাৰ কৰি জব্দ কৰিছে। আৰক্ষীয়ে বাবলি ছুলতানাক কৰায়ত্ব কৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰে।

 ধৃত মহিলা ড্ৰাগছসৰবৰাহকাৰীটোক দীৰ্ঘদিনৰ পৰা মানকাচৰত ড্ৰাগছ ব্যৱসায় চলাই অহা বুলি উপ আৰক্ষী অধীক্ষক কিশোৰ ডেকাই জানিবলৈ দিছে।

অসম