/asomiyapratidin/media/media_files/2025/08/16/ujjdd-2025-08-16-14-36-57.jpg)
ডিজিটেল সংবাদ, মানকাছৰঃ প্ৰায় ১৬দিন ধৰি বিদ্যালয়লৈ অহা নাই এগৰাকী শিক্ষক। কণ কণ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকৰ মাজত লাগিছে হাঁহাকাৰ। শিক্ষকগৰাকীক বিচাৰি হাবাথুৰি খাইছে বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সদস্য সকলেও। সকলোৰে মনত প্ৰশ্ন- ক'ত গ'ল ছাৰ?
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/yhhs-2025-08-16-14-46-14.jpg)
বিগত ১৬ দিনে ছুটি নোলোৱাকৈ স্কুলত অনুপস্থিত আছে এগৰাকী চৰকাৰী শিক্ষক। শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী। দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত দীঘল ছৰা এল পি স্কুলৰ সহকাৰী শিক্ষক আতিকুল হক ১৬ দিনে উপস্থিত হোৱা নাই স্কুল খনত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/ujjs-2025-08-16-14-46-25.jpg)
সহকাৰী শিক্ষক অতিকুল হকৰ পত্নী আৰু দুটাকৈ সন্তান থকাৰ পাছতো এগৰাকী যুৱতীকলৈ আত্মগোপন কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। শিক্ষক অতিকুলে যুৱতীক এগৰাকীক ফুচলাই লগত লৈ পলায়ন কৰাৰ অভিযোগ পোৱা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/16/dddddddddddddd-2025-08-16-14-48-17.jpg)
শিক্ষক জনৰ এনে কাণ্ডক লৈ দক্ষিণ শালমাৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষা বিভাগে শিক্ষক জনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি স্কুল খনত নতুনকৈ এজন শিক্ষক নিযুক্তিৰ দাবী তুলিছে। বৰ্তমান স্কুল খনত অস্থায়ী ভাবে এগৰাকী স্থানীয় মহিলাই ছাত্ৰ ছাত্ৰীক পাঠদান দিবলগীয়া হৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us