/asomiyapratidin/media/media_files/2025/11/01/1-2025-11-01-13-33-21.jpg)
ডিজিটেল সংবাদ,মানকাচৰঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত দ্বিতীয় সভাৰ জৰিয়তে ফেকামাৰী আঞ্চলিক পঞ্চায়ত পুনৰ গঠন । ১০ সদস্যৰ উপস্থিতিত সভাপতি হিচাপে নিৰ্বাচিত মামুন শ্বাহ। মামুন শ্বাহৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতাক লৈ উত্থাপন অভিযোগৰ কৰা হ'ব তদন্ত ।
জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সংবাদমেলগুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ মতে মানকাচৰৰ ফেকামাৰী আঞ্চলিক পঞ্চায়ত আজি দ্বিতীয় সভাৰ জৰিয়তে শান্তিপূৰ্ণ ভাবে পুনৰ গঠন কৰা হয়।
জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, জিলা অতিৰিক্ত আয়ুক্ত ৰিপোন জ্যোতি নাথ, সহকাৰী আয়ুক্ত দৈথন ওৱাৰী আৰু ফেকামাৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলীৰ উপস্থিতিত ফেকামাৰী আঞ্চলিক পঞ্চায়ত খন সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে পুনৰ গঠন কৰা হয়।
আঞ্চলিক পঞ্চায়ত খনৰ মুঠ ১৮ গৰাকী নিৰ্বাচিত সদস্যৰ ভিতৰত ১০ গৰাকী সদস্যৰ উপস্থিতিত আঞ্চলিক পঞ্চায়ত খন গঠন কৰি মামুন শ্বাহক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ লগতে ৰুবিয়া খাতুনক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।
লক্ষ্যণীয় যে, পঞ্চায়ত নিৰ্বাচনৰ পাচত যোৱা ২১ জুলাই তাৰিখে আঞ্চলিক পঞ্চায়ত খন গঠন কৰা হৈছিল যদিও মানুন শ্বাহ সহ ৮ সদস্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত পূৰ্বৰ কমিটিৰ বাতিল কৰি আঞ্চলিক পঞ্চায়ত খন নতুনকৈ গঠন কৰাৰ নিৰ্দেশনা দিছে।
ইফালে আজি আঞ্চলিক পঞ্চায়ত খনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা মামুন শ্বাহ ভুৱা শিক্ষাগত অৰ্হতাৰে নিৰ্বাচনত জয়লাভ কৰা বুলি তেওঁৰ বিৰোধী সকলে অভিযোগ তুলি কিছু নথি পত্ৰ সহ জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰাৰ লগতে জ্যোষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে।
বিৰোধী পক্ষৰ এই অভিযোগক লৈ জিলা প্ৰশাসনে তদন্ত চলাই মানুন শ্বাহ ভুৱা নথি পত্ৰ দাখিল কৰিলে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব বুলি এক সংবাদমেল যোগে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা জানিবলৈ দিছে।
ইফালে ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত মামুন শ্বাহ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা শিক্ষাগত অৰ্হতাৰ অভিযোগ সম্পূৰ্ণৰূপে ভুৱা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us