/asomiyapratidin/media/media_files/2025/08/07/1-2025-08-07-16-39-07.jpg)
ডিজিটেল সংবাদ,মানকাচাৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদত মুঠ আসন চাৰিখন। ইয়াৰে তিনিখন আসন কংগ্ৰেছে দখল কৰাৰ লগতে এখনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। জিলা কংগ্ৰেছৰ পৰা দক্ষিণ শালমাৰা জিলা পৰিষদৰ সদস্যা মিৰজুনা বেগমক জিলা পৰিষদৰ সভানেত্ৰী মনোনীত কৰি তানজিনা খান আৰু নুৰ ইয়াচমিনক সমৰ্থন কৰিবলৈ হুইপ জাৰি কৰিছিল। কিন্তু কংগ্ৰেছৰ হুইপ অবমাননা কৰি তানজিনা খান নিজে প্ৰাৰ্থী হৈ নিৰ্দলীয় সদস্য ওৱাহিদুৰ ৰহমান আদোৰ সহযোগত জিলা পৰিষদ গঠনৰ বাবে উপস্থিত হয় দ্বিতীয় সভাত।
মিৰজুনাৰ পক্ষক কালাপানী জিলা পৰিষদৰ কংগ্ৰেছৰ সদস্যা নুৰ ইয়াচমিন থাকিলেও তানজিনা খানৰ পক্ষত নিৰ্দলীয় ওৱাহিদুৰ ৰহমান আদো থকাৰ বাবে প্ৰথমে ভোটৰ জৰিয়তে সভাপতি বাছনি প্ৰক্ৰিয়া কৰা হয়।
কিন্তু ভোটৰ ক্ষেত্ৰতো তানজিনা খানে দুটা ভোট লাভ কৰাৰ বিপৰীতে মিৰজুনা বেগমে দুটা ভোট লাভ কৰে। ফলত উপায়হীন হৈ জিলা প্ৰশাসনে টচৰ জৰিয়তে সভানেত্ৰী বাছনি কৰে। টচত তানজিনা খান জয়লাভ কৰাত দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ নতুন সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। একেদৰে নিৰ্দলীয় সদস্য ওৱাহিদুৰ ৰহমান আদোও টচৰ জৰিয়তে উপসভাপতি হিচাপে নিৰ্বাচিত হয়।
উল্লেখযোগ্য যে, যোৱা ২৮ জুলাইত জিলা পৰিষদ গঠনৰ বাবে প্ৰথমখন সভা আয়োজন কৰা হৈছিল। কিন্তু তানজিনা খান আৰু ওৱাহিদুৰ ৰহমান আদো অনুপস্থিত থকাৰ ফলত প্ৰথম সভা বাতিল কৰি আজি দ্বিতীয় সভাৰ জৰিয়তে জিলা পৰিষদখন গঠন কৰা হয়
পুৱা ১০ বজাত চাৰিওজন সদস্য দ্বিতীয় সভাত উপস্থিত হোৱাৰ পাচত জিলা আয়ুক্তই সদস্য কেইজনক শপদ পাঠ কৰায়। লক্ষ্যণীয় যে, টচৰ জৰিয়তে তানজিনা খান জিলা পৰিষদৰ নতুন সভানেত্ৰী হোৱাৰ পাচত মিৰজুনা বেগম সহ জিলা কংগ্ৰেছৰ পৰা জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে।
পঞ্চায়ত আইনৰ নীতি নিয়মক লৈ জিলা কংগ্ৰেছৰ পৰা তানজিনা খানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দাৰস্ত হোৱাৰ হুংকাৰ দিছে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সাজিবুল হোছেইন মোল্লাই । ইয়াৰ পূৰ্বেও তানজিনা খান অবিভক্ত ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰী আছিল।