/asomiyapratidin/media/media_files/2025/11/23/3-2025-11-23-08-47-53.jpg)
ডিজিটেল সংবাদ,মানকাচৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে চুৰিকাণ্ডৰ ঘটনা। এইবাৰৰ মানকাচৰৰ পিপুলবাৰী গাঁৱৰ হাছেন আলী নামৰ এজন গাড়ীৰ চালকৰ ML08L3222 নম্বৰৰ মহিন্দ্ৰা পিকআপ বাহন কানাইমাৰাৰ পৰা চুৰি হয় । চোৰে ৰাস্তাৰ পৰাই পিকআপ বাহনখন চুৰি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-image-2025-11-23-08-45-25.jpeg)
উল্লেখ্য যে, হাছেন আলীয়ে জানিব দিয়া মতে, কালাপানীৰ সাদুল্ল্যাবাৰীৰ পৰা নিশা প্ৰায় ৮ বজাত হাছেন আলীয়ে পিকআপ বাহনখনত বালি কঢ়িয়াই আনিছিল। বালি নমাই দিয়াৰ পাছতে হাছেন আলীৰ বাহনখন ৰাস্তাত ৰখাই কানাইমাৰাতে বসবাস কৰা ভগ্নীৰ ঘৰত যায়। নিশা প্ৰায় ১০ বজাত ভগ্নীৰ ঘৰৰ পৰা ওলাই অহাত বাহনখন নেদেখাত পোহৰলৈ আহে সকলো কথা। এই ঘটনাৰ পাছতে হাছেন আলী খাৰুৱাবান্ধা আৰক্ষীৰ কাষ চাপে। ইতিমধ্যে হাছেন আলী খাৰুৱাবান্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ঘটনাক লৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-2025-11-23-08-45-45.jpeg)
তাৰোপৰি, বিগত প্ৰায় ৪ মাহ পূৰ্বে হাছেন আলী বাহনখন বেংকৰ পৰা ঋণৰ জৰিয়তে ক্ৰয় কৰিছিল। কিস্তী বাকী থকা বাহনখন চুৰি হোৱাত হাছেন আলী চিন্তিত হৈ পৰিছে। কোনো লোক যদি ML08L3222 নম্বৰৰ মহিন্দ্ৰা পিক আপ বাহনখন কোনো স্থানত প্ৰত্যক্ষ কৰে তেন্তে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us