/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-2-37-2026-01-17-10-26-05.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাত কৃষিক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। মনাকাচৰ অঞ্চলটোৰ এচাম উদ্যমী কৃষকে পৰম্পৰাগত খেতিৰ পৰিৱৰ্তে এইবাৰ প্ৰথমবাৰৰ বাবে ছিয়া ছিডৰ খেতি কৰি সফলতাৰ মুখ দেখিছে। পৰম্পৰাগত সৰিয়হ খেতিৰ সময়ছোৱাতেই এইবাৰ প্ৰথমবাৰৰ বাবে ছিয়া ছিডৰ খেতি আৰম্ভ কৰিছে হাটশিঙিমাৰী ফাৰ্মাৰ প্ৰডুচাৰ কোম্পানী, চমুকৈ এফ পি চিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-2026-01-17-10-16-54.jpeg)
যি সময়ছোৱাত সাধাৰণতে কৃষকে সৰিয়হ খেতি কৰে, ঠিক সেই সময়তেই এই ছিয়া ছিড খেতি কৰিছে কৃষকসকলে। এই খেতিৰ পদ্ধতি আৰু খৰচো প্ৰায় সৰিয়হ খেতিৰ দৰেই বুলি কৈছে কৃষকসকলে।পূৰ্বে তেওঁলোকে কেৱল সৰিয়হৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্তু এইবাৰ কৃষি বিভাগৰ পৰামৰ্শ বা নিজা উদ্যোগত কৰা ছিয়া ছিডৰ খেতিৰ উৎপাদন দেখি তেওঁলোক উৎফুল্লিত। ইপিনে এগৰাকী কৃষকৰ এক বিঘা মাটিত এই ছিয়া ছিড খেতিৰ বাবে প্ৰায় ৪ হাজাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত খৰচ হয়। কিন্তু লাভৰ ক্ষেত্ৰত সৰিয়হ খেতিতকৈ অতি কমেও দুই গুণ বেছি দাম পোৱাৰ সম্ভাৱনা আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-2026-01-17-10-17-54.jpeg)
উল্লেখ্য যে,বজাৰ চিন্তাই যি সাধাৰণতে কৃষকক চিন্তিত কৰি তোলে, সেই ক্ষেত্ৰতো এই ছিয়া ছিড খেতিত কোনো আশংকাৰ অৱকাশ নাই। কৃষকৰ পথাৰত উৎপাদিত সম্পূৰ্ণ ছিয়া ছিড হাটশিঙিমাৰী এফ পি চিয়ে নিজেই ক্ৰয় কৰিব। অৰ্থাৎ বজাৰ অভাৱৰ ভয় নাথাকে। একে ভূমিত, একে সময়ছোৱাত প্ৰায় একেধৰণৰ খেতি কৰি কৃষকে দ্বিগুণ লাভ পাব বুলি আশা কৰা হৈছে। এই নতুন পদক্ষেপে আগন্তুক দিনত মানকাচৰৰ কৃষিক্ষেত্ৰত এক ইতিবাচক পৰিবর্তন আনিব বুলি সকলোৱে আশাবাদী।নতুন চিন্তা, নতুন খেতি আৰু নিশ্চিত বজাৰৰ সৈতে ছিয়া ছিড খেতিয়ে মানকাচৰৰ কৃষকৰ বাবে এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/17/whatsapp-image-2026-01-17-10-18-37.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us