/asomiyapratidin/media/media_files/2025/09/09/whatsapp-im-2025-09-09-08-41-19.jpeg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ থানাৰ অধীনস্থ কালাপানী মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী ১৪ বছৰীয়া নাবালিকা ছাত্ৰীক বিদ্যালয় খনৰে শিক্ষক আবেৰ আলী বিভিন্ন প্ৰলোভনেৰে যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনা পোহৰলৈ অহাৰ পিছতে ভুক্তভোগী ছাত্ৰীৰ মাতৃয়ে মানকাচৰ থানাত POCSO আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰি অভিযুক্ত শিক্ষক আবেৰ আলীক গ্ৰেপ্তাৰৰ দাবী জনায়।
ইফালে, ঘটনাৰ পাচতেই অভিযুক্ত শিক্ষক আবেৰ আলীয়ে বিদ্যালয় এৰি আত্মগোপন কৰে। বিগত কেইবাদিন ধৰি আবেৰ আলী পলাতক অৱস্থাত আছে। মানকাচৰ থানাত শিক্ষক আবেৰ আলীৰ বিৰুদ্ধে পকচো আইনৰ কেবাটাও ধাৰাৰ অধীনত ১২১/২০২৫ নম্বৰত বিগত ৩০ আগষ্টত গোচৰ পঞ্জীয়ন কৰা হৈছে।
উল্লেখযোগ্য যে, ছাত্ৰীক যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ এই ঘটনা বিগত প্ৰায় ডেৰ মাহ পূৰ্বে পোহৰলৈ আহিছিল। ইয়াৰ পাচতে লম্পট শিক্ষক আবেৰ আলীক বচাবলৈ ভুক্তভোগী পৰিয়ালক মোটা অংকৰ ধন দি ঘটনাটো গাপ দিয়াৰ বাবে মেনেজ মাষ্টাৰৰ ভূমিকা পালন কৰিছিল বিদ্যালয় খনৰে CRCC আব্দুৰ নুৰ নামৰ আন এজন শিক্ষকে ৷
ইফালে, চলিত মাহৰ ১ তাৰিখৰ পৰা অভিযুক্ত শিক্ষক আবেৰ আলী আৰু CRCC আব্দুৰ নুৰ বিদ্যালয়ত অনুপস্থিত থকাত বিদ্যালয় খনত পাঠদানৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ-ছাত্ৰী ৷ বিদ্যালয়ত অনুপস্থিত থকাৰ বাবে শিক্ষা বিভাগৰ পৰা দুয়ো গৰাকী শিক্ষকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা বুলি জানিব পৰা গৈছে।
আনহাতে, ঘটনাক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ আমছু জিলা সাধাৰণ সম্পাদক ফিৰোজ আল ফাৰুক খন্ধকাৰে অতি শীঘ্ৰে লম্পট শিক্ষকক গ্ৰেপ্তাৰৰ দাবী জনায় ৷