মানকাচৰত তিনি সাংবাদিকৰ ধনদাবীৰ ভিডিঅ’ ভাইৰেল...

মানকাচৰত সাংবাদিকতাৰ নাম ব্যৱহাৰ কৰি মাহেকীয়া ধনদাবীৰ গুৰুতৰ অভিযোগে জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমৰ আগশাৰীৰ দুটাকৈ বৈদ্যুতিন সংবাদ মাধ্যম আৰু এটা ডিজিটেল সংবাদ মাধ্যমৰ সৈতে জড়িত তিনিজন সাংবাদিকৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
MANKACHAR REPORTER NEWS

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰত সাংবাদিকতাৰ নাম ব্যৱহাৰ কৰি মাহেকীয়া ধনদাবীৰ গুৰুতৰ অভিযোগে জিলাজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমৰ আগশাৰীৰ দুটাকৈ বৈদ্যুতিন সংবাদ মাধ্যম আৰু এটা ডিজিটেল সংবাদ মাধ্যমৰ সৈতে জড়িত তিনিজন সাংবাদিকৰ বিৰুদ্ধে এগৰাকী সপ্তাহিক বজাৰৰ লেচীৰ পৰা মাহেকত ১০হাজাৰ টকাকৈ ধন দাবী কৰাৰ অভিযোগত গোচৰ পঞ্জীয়ন হোৱাৰ পাছতে তিনিওজন সাংবাদিক জিলা এৰি পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি,  হাটশিঙিমাৰী সাংবাদিক হাছিনুৰ ইছলাম, মানকাচৰৰ সাংবাদিক ছাহজাহান আলী আৰু হাটশিঙিমাৰী সাংবাদিক সহিদুৰ ৰহমান মণ্ডলৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষী চকীত গোচৰ পঞ্জীয়ন কৰা হৈছে। জানিব পৰা মতে, মানকাচৰ থানা এলেকাৰ অধীনস্থ পুঠীমাৰী সপ্তাহিক বজাৰৰ হাজং উপাধীৰ এগৰাকী লেচীৰ পৰা অবৈধ কাঠৰ ব্যৱসায় চলোৱা বুলি অভিযোগ উত্থাপন কৰি মাহেকত ১০ হাজাৰ টকা কৈ দিব লাগিব বুলি দাবী কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। 

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই জিলাখনৰ সচেতন নাগৰিকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ লিখিত অভিযোগ দাখিল কৰে। উক্ত অভিযোগ লাভ কৰাৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বিষয়টো তদন্তৰ নিৰ্দেশ দিয়ে। 

আৰক্ষীয়ে অভিযোগকাৰীৰ সাক্ষ্য গ্ৰহণ আৰু প্ৰাথমিক তদন্ত সম্পন্ন কৰাৰ পাছতে তিনিজন সাংবাদিকৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষী চকীত গোচৰ পঞ্জীয়ন কৰে। গোচৰ পঞ্জীয়ন হোৱাৰ পাছতেই প্ৰথমে হাছিনুৰ ইছলামে জিলা এৰি পলায়ন কৰে। 

ইয়াৰ পাছত কিছুদিন জিলাত অৱস্থান কৰাৰ পাছতে ছাহজাহান আলী আৰু সহিদুৰ ৰহমান মণ্ডলেও আত্মগোপন কৰে বুলি জানিব পৰা গৈছে। বৰ্তমান তিনিওজন পলাতক অৱস্থাত আছে। ইফালে, তিনিওজন সাংবাদিকেই অগ্ৰিম জামিনৰ বাবে হাটশিঙিমাৰী আদালতত এজন অধিবক্তাৰ জৰিয়তে আবেদন দাখিল কৰিছিল। 

কিন্তু জিলা আদালতে তেওঁলোকৰ অগ্ৰিম জামিন আবেদন নাকচ কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ ফলতেই তেওঁলোক গ্ৰেপ্তাৰৰ আশংকাত জিলা এৰি পলাই যাবলৈ বাধ্য হয় বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ প্ৰাপ্ত খবৰৰ মতে, তিনিজনৰ ভিতৰত এজন কোকৰাঝাৰত, এজন গুৱাহাটীত আৰু এজন মায়ং অঞ্চলত লুকাই থকা বুলি সন্দেহ কৰা হৈছে। 

আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ত কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও বৰ্তমানলৈকে নিশ্চিত অৱস্থান চিনাক্ত কৰিব পৰা হোৱা নাই। লক্ষণীয় যে, অসমৰ আগশাৰীৰ বৈদ্যুতিন আৰু ডিজিটেল সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিকৰ এনে অভিযোগে সাংবাদিকতাৰ বিশ্বাসযোগ্যতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। বৈদ্যুতিন সংবাদ মাধ্যমৰ বুম আৰু পৰিচয়পত্ৰ ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি মানকাচৰৰ বিভিন্ন অঞ্চলত ধনদাবীৰ সন্ত্ৰাস চলাই অহা বুলি আগতেই অভিযোগ উঠি আহিছিল। 

শেহতীয়া ভাইৰেল ভিডিঅ’টোৱে সেই অভিযোগক অধিক দৃঢ়তা প্ৰদান কৰিছে। এই ঘটনাৰ পাছত সচেতন মহলে সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানসমূহৰ মুখ্য সম্পাদকলৈ লিখিত অভিযোগ পত্ৰ দাখিল কৰি অভিযুক্ত সাংবাদিক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু সংবাদ প্ৰতিষ্ঠানৰ পৰা বহিষ্কাৰৰ দাবী জনাইছে বুলি জানিব পৰা গৈছে। অৱশ্যে বৰ্তমানলৈকে সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানসমূহে কোনো আনুষ্ঠানিক ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে, একে সময়তে হাটশিঙিমাৰীত আছাম টকছৰ সাংবাদিক হিচাপে কৰ্মৰত ছফিয়ৰ ৰহমান নামৰ আনজন সাংবাদিকৰ বিৰুদ্ধে একাউণ্টযোগে বহু লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত গোচৰ পঞ্জীয়ন হৈছে। সেই ঘটনাৰ পাছতেই উক্ত সাংবাদিকজনো পলায়ন কৰাত সাংবাদ প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁক চাকৰিৰ পৰা বহিষ্কাৰ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

ড০ হিমন্ত বিশ্ব শৰ্মা