মহিলাৰ সৈতে অপকৰ্ম কৰি লুটিলে নগদ ধনসহ সোণৰ অলংকাৰ

এগৰাকী মহিলাক ধৰ্ষণ কৰি নগদ ১০ লাখ টকা সহ ২০ লাখ টকাৰ সোণৰ অলংকাৰ ডকাইতি কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-22 at 2.35.14 PM

ডিজিটেল ডেস্কঃ মানকাচৰত সংঘটিত হৈছিল জঘন্য ঘটনা। এগৰাকী মহিলাক ধৰ্ষণ কৰি নগদ ১০ লাখ টকা সহ ২০ লাখ টকাৰ সোণৰ অলংকাৰ ডকাইতি কৰে। ঘটনাৰ বিৱৰণী মতে, ১৫ নৱেম্বৰ নিশা মানকাচৰৰ প্ৰয়াত ছাইদুল ইছলামৰ ঘৰত ৰহস্য জনক ডকাইতি কাণ্ড সংঘটিত হয়। প্ৰয়াত ছাইদুলৰ পত্নীক ডকাইতে ধৰ্ষণ কৰি নগদ ১০ লাখ টকা আৰু প্ৰায় ১০ লাখ টকাৰ সোণৰ অলংকাৰ লুটি নিয়ে। 

উল্লেখ্য যে ঘটনাক লৈ ১৬ নৱেম্বৰত বিধবা মহিলা জনীৰ স্বামী পৰিয়ালে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই নিশা ধৰ্ষণৰ অভিযোগ তোলা বিধবা মহিলাগৰাকীক আটক কৰাৰ লগতে গোৱালপাৰাৰ পৰা আটক কৰে ডকাইত ৰহমতক।

তাৰোপৰি আৰক্ষীৰ তদন্ত নাটকীয় ডকাইতি আৰু ধৰ্ষণৰ ঘটনা পোহৰলৈ আহে। বিধবা মহিলা গৰাকীৰ পৰাকীয়া প্ৰেমিক হৈছে ৰহমত আলী।
স্বামীৰ মৃত্যুৰ পাছত দুয়ো আদালতত গোপনে বিবাহ কৰিছিল। প্ৰয়াত স্বামীৰ ঘৰৰ পৰা টকা আৰু সোণৰ অলংকাৰ খিনি লুটি নিয়াৰ পৰিকল্পনা কৰিছিল দুয়োৱে। ফলত নাটকীয় ভাবে ধৰ্ষণ কৰি ডকাইতি কৰা বুলি অভিযোগ তুলিছিল। 

আনফালে নাটকীয় ভাবে ধৰ্ষণ কৰি ডকাইতি কৰা বুলি অভিযোগ তুলি ১৬/১১/২০২৫ তাৰিখে মানকাচৰ আৰক্ষী থানাত ১৫২/২০২৫ নম্বৰত এজাহাৰ দাখিল কৰিছিল ৷ মানকাচৰ আৰক্ষীয়ে ৩২৯(৪)/৬২/৬৪/৩০৬/৩(৫)বি এন এছ ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছিল। আৰক্ষীৰ তদন্তত সকলো তথ্য পৰহিলৈ আহিছে

প্ৰাণিধানযোগ্য যে  এই  ঘটনাৰ পাছতে উদ্ধাৰ কৰা হৈছে নগদ ১০ লাখ টকাৰ লগতে প্ৰায় ১০ লাখ টকাৰ সোণৰ অলংকাৰ। ধৃত ডকাইটোক গোৱালপাৰা জিলাৰ ২ নং বদলমাৰী গাঁৱৰ নুৰ মহাম্মদৰ পুত্ৰ ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে। 

মানকাচৰ