মানকাচৰত প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ নিৰ্বাচনী সভা...

অখিল গগৈ, কংগ্ৰেছ ক্ষমতাত আহিলে মিঞাৰ ৰাজত্ব হ’ব অসমত । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে মানকাচৰত জাবেদ ইছলামৰ দাবী,‘‘মই বিধায়ক হ’লে উচ্ছেদ হ’ব নিদিও মানকাচৰত’’।

author-image
Asomiya Pratidin
New Update
ujjdd

ডিজিটেল সংবাদ, মানকাচৰঃ  অখিল গগৈ, কংগ্ৰেছ ক্ষমতাত আহিলে মিঞাৰ ৰাজত্ব হ’ব অসমত । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে মানকাচৰত জাবেদ ইছলামৰ দাবী,‘‘মই বিধায়ক হ’লে উচ্ছেদ হ’ব নিদিও মানকাচৰত’’। শনিবাৰে মানকাচৰৰ কানাইমাৰাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

এই নিৰ্বাচনী সভাত ইছলামৰ নেতৃত্বত কংগ্ৰেছ-এআইইউডিএফৰ কেবাজনো কৰ্মী অগপত যোগদান কৰে। যোগদান সভাত জাবেদ ইছলামৰ দাবী- ‘‘মই বিধায়ক হ’লে উচ্ছেদ হ’ব নিদিও মানকাচৰত’’। কোনো খাচ মাটিত মই উচ্চেদ হ’ব নিদিও । বৰং খাচমাটিত থকা লোকৰ বাবে মেদি পাট্টা দিয়াৰ প্ৰস্তাৱহে দিম মই । চৰ জৰীপ কৰাই চৰৰ মাটিত পাট্টা দিয়াৰ ব্যৱস্থা কৰিম। মানকাচৰৰ পৰা মই নিৰ্বাচিত হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতিকৈ আনন্দিত হ’ব। মই চৰকাৰৰ বিৰুদ্ধে যাব বিচৰা নাই।

চৰকাৰৰ বিৰুদ্ধে গৈ মই বিধায়ক হ’লে মোৰ একোৱে ক্ষমতা নাথাকিব। নিৰ্বাচনী সভাৰ জৰিয়তে সমষ্টিবাসীক জাবেদ ইছলামে এইদৰে নিজৰ প্ৰচাৰ চলাই চৰকাৰৰ সপক্ষে ভোট দিবলৈ ৰাইজক আহ্বান জনায়। এই নিৰ্বাচনী সভাখনতেও জাবেদ ইছলাম শেহতীয়াকৈ ২০২৪ ত অনুষ্ঠিত লোকসভা নিৰ্বাচনত তেওঁক ৰাইজে পৰাস্ত কৰি ভূল কৰা বুলি দোহৰাই দি সাংসদ ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে।

লক্ষণীয় যে, যোৱা প্ৰায় ৩ মাহ পূৰ্বে অসম গণ পৰিষদৰ কাৰ্যকৰি সভাপতি তথা মানকাচৰৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত হাটশিঙিমাৰীত অনুষ্ঠিত এক কৰ্মী সভাত ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে জাবেদ ইছলামৰ প্ৰাৰ্থীত্ব ঘোষণা কৰিছিল। মানকাচৰৰ একমাত্ৰ অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিছে।

একেদৰে মানকাচৰ সমষ্টিৰ পৰা মুঠ ৮ গৰাকী আশাবাদী প্ৰাৰ্থী কংগ্ৰেছৰ পৰা টিকটৰ দাবী কৰিছে। কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী সকলেও ইতিমধ্যে নিজৰ নিজৰ প্ৰচাৰ ব্যাপক হাৰে চলাই আছে। সমষ্টিখনত কংগ্ৰেছৰ প্ৰাৰ্থী সকলে টিকটৰ দৌৰত থকাৰ সময়ত অগপ নেতা জাবেদ ইছলামে নিৰ্বাচনী প্ৰচাৰত বহু খিনি আগবাঢ়ি থাকিব বুলি আশা কৰা হৈছে।

আনহাতে লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত মানকাচৰ সমষ্টিত এআইইউডিএফৰ ফলাফল অতিকৈ দূৰ্বল হোৱা বাবে বিধায়ক আমিনুল ইছলাম এআইইউডিএফৰ হৈ পুনৰ নিৰ্বাচন খেলিব নে নাই তাক লৈও ৰাজনীতিক মহলত ব্যাপক চৰ্চা হোৱা দেখা যায়। জানিব পৰা মতে, কংগ্ৰেছৰ পৰা টিকট দাবী কৰি বিধায়ক আমিনুল ইছলাম কংগ্ৰেছৰ সৈতে যোগাযোগ ৰাখিছে।

অগপ চৰকাৰ অগপ