মানকাচৰত ৫কোটি টকীয়া মুখ্যমন্ত্ৰী পথ পকীকৰণৰ কামত চৰম দুৰ্নীতি...

মানকাচৰত ৫ কোটি টকীয়া মুখ্যমন্ত্ৰী পথ পকীকৰণৰ কামত চৰম দুৰ্নীতি । ৭.৫ মিটাৰ বহল কৰিবলগীয়া পথ ঠিকাদাৰে নিৰ্মাণ ৫ মিটাৰ । কম উচ্চতা, ছাইটবাম নোহোৱাকৈ পথ

author-image
Asomiya Pratidin
New Update
dddddddddddddd

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত ৫ কোটি টকীয়া মুখ্যমন্ত্ৰী পথ পকীকৰণৰ কামত চৰম দূৰ্নীতি । ৭.৫ মিটাৰ বহল কৰিবলগীয়া পথ ঠিকাদাৰে নিৰ্মাণ ৫ মিটাৰ । কম উচ্চতা, ছাইটবাম নোহোৱাকৈ পথ নিৰ্মাণৰ লগতে ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ চিচি ব্লক ।

Advertisment

জিলা আয়ুক্ত, গড়কপ্তানী বিভাগৰ আয়ুক্তলৈ লিখিত অভিযোগ ।  ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত মানকাচৰৰ হাজিৰহাটত নিৰ্মাণ হৈ থকা ৫ কোটি ২৭ লাখ টকীয়া মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ কামত চৰম দূৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

যোৱা প্ৰায় ৬মাহ পূৰ্বে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে সুখচৰৰ টেংনামাৰীৰ পৰা হাজিৰহাট সংযোগী প্ৰায় আঢ়ৈ কিলোমিটৰ পথ নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে মুখ্যমন্ত্ৰী পথ পকীকৰন আঁচনিৰ পৰা ৫ কোটি ২৭ লাখ টকা আৱণ্টন দিয়া হৈছে।

বিভাগীয় ঠিকাদাৰ ফয়জাল হক এই কামৰ দায়িত্ব লাভ কৰি নিজে আজিলৈ এদিনো পথ নিৰ্মাণৰ কামত উপস্থিত নহৈ স্থানীয় কেবাজনো লোকক পথটো নিৰ্মাণৰ বাবে উপঠিকা প্ৰদান কৰিছে । এই পথ নিৰ্মাণৰ কামত চৰম দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

আৰটিআই যোগে ৰাইজে লাভ কৰা ষ্টিমেট মতে, পথটো প্ৰায় ৭.৫ মিটাৰ বহল হব লাগে। কিন্তু ঠিকাদাৰে ঠায়ে ঠায়ে ৫ মিটাৰ ঠায়ে ৬ মিটাৰ পথ বহল কৰিছে। পথটো উচ্চতা ৩.৫ মিটাৰ কৰিবলৈ বিভাগীয় ভাৱে নিৰ্দেশনা দিয়া হৈছে যদিও ১ ৰ পৰা ২.৩০ মিটাৰলৈ  পথটো উচ্চতা কৰাৰ অভিযোগ তুলিছে হাজিৰহাট এলেকাৰ ৰাইজে।

নিম্নমানৰ চিচি ব্লকেৰে পথটো নিৰ্মাণ কৰি থকাৰো অভিযোগ এই অঞ্চলৰ জনতাৰ। ইতিমধ্যে জিলা আয়ুক্ত আৰু লোক নিৰ্মাণ বিভাগৰ আয়ুক্তলৈ লিখিত অভিযোগ দাখিল কৰাৰ পাচত জিলা প্ৰশাসনৰ পৰা পথৰ কামত তদন্ত আৰম্ভ কৰা হৈছে।

মানকাচৰ