/asomiyapratidin/media/media_files/2026/01/05/1-2026-01-05-16-56-31.jpg)
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে লাহে লাহে সমষ্টি সমূহত নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ হৈছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন সাংসদ আব্দুল খালেকে মানকাচৰত এক সংবাদমেল অনুষ্ঠিত কৰে। প্ৰাক্তন সাংসদ গৰাকীয়ে মানকাচৰ সমষ্টিৰ বিভিন্ন সমস্যা আৰু ছিণ্ডিকেটৰ অভিযোগ তোলে। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে কংগ্ৰেছ নেতা আব্দুল খালেক সহ ৫ জনীয়া দল আজি উপস্থিত হয় মানকাচৰত ।
/asomiyapratidin/media/post_attachments/6d5fa8c7-924.png)
২০২৬ ৰ নিৰ্বাচনৰ বাবে জন ইস্তাহাৰ প্ৰস্তুত কৰিবলৈ কংগ্ৰেছে ইতিমধ্যে বিভিন্ন সমষ্টিত বিভিন্ন সংগঠন, জনগোষ্ঠীৰ লগতে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ গোট আৰু সাংবাদিকৰ সৈতে মত বিনিময় আৰু পৰামৰ্শ গ্ৰহণ কৰে। কোন সমষ্টিত কি ধৰণৰ সমস্যা আছে, কোন সমষ্টিত কি কি কাম কৰিব লাগিব সেই সম্পৰ্কে বিস্তাৰিত ভাৱে আলোচনাৰ জৰিয়তে জন ইস্তাহাৰ প্ৰস্তুত কৰি কংগ্ৰেছ এইবাৰ ৰাইজৰ কাষ চাপিব । কংগ্ৰেছ নেতা আব্দুল খালেক মানকাচৰ সমষ্টিত ৰাইজৰ মজামত, পৰামৰ্শ লোৱাৰ পাছত সংবাদমেল অনুষ্ঠিত কৰি এই দাবী কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/3bb569fd-afa.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us