হাটশিঙিমাৰীত জিলা আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ সভা

ৰাজ্যিক আৰক্ষীৰ জবাবদিহিতা আয়োগৰ অধ্যক্ষা ৰুমী কুমাৰী ফুকনৰ ভাৰ্চুৱেল অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত হাটশিঙিমাৰী জিলা আদালতত “গ্ৰেপ্তাৰৰ পদ্ধতি আৰু আৰক্ষীৰ জবাবদিহিতা” ৰ ওপৰত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ ন্যায়াধীশ সঞ্জয় হাজৰিকা, জিলা আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ শ্বৰ্বানি ভট্টাচাৰ্চী, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়া, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সিংহৰাম মিলিৰ উপৰিও কেবাগৰাকী ন্যায়াধীশ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে। 

উল্লেখযোগ্য যে, সাধাৰণ নাগৰিক, আইনৰ শিক্ষাৰ্থী আৰু ন্যায়পালন ব্যৱস্থাৰ সৈতে জৰিত ব্যক্তিসকলৰ মাজত আইনী সজাগতা বৃদ্ধি কৰাৰ বাবে এই কাৰ্যসূচী আনুষ্ঠিত কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা ৰাজ্যিক আৰক্ষীৰ জবাবদিহিতা আয়োগৰ অধ্যক্ষা ৰুমী কুমাৰী ফুকন এই কাৰ্যসূচীৰ মুখ্য বক্তা হিচাপে ভাৰ্চুৱেল পদ্ধতিত অংশগ্ৰহণ কৰে। 

অভিযুক্তক গ্ৰেপ্তাৰৰ নীতি নিয়ম, আৰক্ষীৰ জবাবদিহিতা আদি বিষয়ৰ ওপৰত বিস্তাৰিত ভাৱে মুখ্য বক্তাগৰাকীয়ে ভাষণ প্ৰদান কৰে। সময়ে সময়ে আৰক্ষীৰ ভূল গ্ৰেপ্তাৰৰ বাবে জামিন নাপাবলগীয়া অভিযুক্তই সহজে জামিন লাভ কৰে বুলিও এই কাৰ্যসূচীত আলোচনা কৰি আগলৈ এনে ভূলৰ পৰা আৰক্ষী সাৱধানতা অৱলম্বন কৰি সঠিক পদ্ধতিত গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনায় ৰাজ্যিক আৰক্ষীৰ জবাবদিহিতা আয়োগৰ অধ্যক্ষা ৰূমী কুমাৰী ফুকনে।

মানকাচৰ দক্ষিণ শালমাৰা