ভুৱা শিক্ষাগত অৰ্হতা! মানকাচৰৰ ২ নং ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ...

মানকাচৰৰ ২ নং ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ দুই সদস্যা আব্দুল মোন্নাফ সেখৰ বিৰুদ্ধে ভূৱা শিক্ষাগত অৰ্হতাৰ অভিযোগ।  পঞ্চায়ত নিৰ্বাচনত দায়িত্বত থকা নিৰ্বাচনী বিষয়াৰ ওচৰত মেট্ৰিক আৰু হায়াৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ ২ নং ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ দুই সদস্যা আব্দুল মোন্নাফ সেখৰ বিৰুদ্ধে ভূৱা শিক্ষাগত অৰ্হতাৰ অভিযোগ।  পঞ্চায়ত নিৰ্বাচনত দায়িত্বত থকা নিৰ্বাচনী বিষয়াৰ ওচৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ভূৱা প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছ নেতা আব্দুছ ছালাম শ্বাহ। 

কংগ্ৰেছী সদস্যৰ বিৰুদ্ধে কংগ্ৰেছী সদস্যাৰ পিতৃৰ বিস্ফোৰক অভিযোগে মানকাচৰত কংগ্ৰেছৰ মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। কংগ্ৰেছ নেতা আব্দছু ছালাম শ্বাহৰ মতে, আব্দুল মোন্নাফ সেখ পুৱা শিক্ষাগত অৰ্হতা দাখিল কৰিছে দায়িত্বত থকা নিৰ্বাচনী বিষয়াক।

আব্দুল মোন্নাফ তালুকদা নামৰ কোনোবা ব্যক্তিৰ শিক্ষাগত অৰ্হতা আব্দুল মোন্নাফ সেখ দায়িত্বত থকা নিৰ্বাচনী বিষয়াক দাখিল কৰাৰ অভিযোগ আব্দুছ ছালাম শ্বাহৰ।  লক্ষণীয় যে, শান্তিপূৰ্ণভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত আব্দুল মোন্নাফ সেখ ১২ জনীয়া কংগ্ৰেছী কাউন্সিলাৰ লৈ ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। 
বাকী কংগ্ৰেছী আৰু নিৰ্দলীয় ৮ জনকৈ কাউন্সিলাৰ আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে জিলা প্ৰশাসনৰ পৰা কোনো জাননি পোৱা নাই বুলি উচ্চ ন্যায়ালৰ কাষ চাপে।

উচ্চ ন্যায়ালয়ে পূৰ্বৰ আঞ্চলিক পঞ্চায়ত বাতিল কৰি নতুনকৈ গঠন কৰিব দিয়ে।  ফলত আব্দুছ ছালাম শ্বাহৰ পূত্ৰ মামুন শ্বাহ ১০ সদস্যৰ সমৰ্থনত নতুনকৈ আঞ্চলিক পঞ্চায়ত খনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।  মামুন শ্বাহৰ শিক্ষাগত অৰ্হতা ভূৱা বুলি আব্দুল মোন্নাফ সেখ অভিযোগ তুলি ইতিমধ্যে জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়া, নিৰ্বাচনী আয়োগক লিখিত অভিযোগ দাখিল কৰাৰ লগতে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰজু কৰিছে। 

এই গোচৰৰ পাচতেই আৰক্ষী, জিলা প্ৰশাসনে মামুন শ্বাহৰ শিক্ষাগত অৰ্হতা পৰীক্ষাৰ বাবে ইতিমধ্যে শিক্ষা সংসদত প্ৰেৰণ কৰিছে। এই প্ৰক্ৰিয়া চলি থকাৰ মাজতে মামুন শ্বাহৰ পিতৃ আব্দুছ ছালাম শ্বাহ এইবাৰ পুত্ৰৰ প্ৰতিদ্বন্দি আব্দুল মোন্নাফ সেখৰ বিৰুদ্ধে ভূৱা শিক্ষাগত অৰ্হতাৰ অভিযোগ আনিছে

বিষয়টো লৈ আব্দুল মোন্নাফ সেখৰ প্ৰতিক্ৰিয়া কি হয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হব যদিও ২৬ নিৰ্বাচনৰ পূৰ্বে মানকাচৰত কংগ্ৰেছীৰ মাজত কংগ্ৰেছীয়ে যে মুকলি বিদ্ৰোহ আৰু বিসম্বাদ আৰম্ভ কৰিছে সেয়া এতিয়া সৰ্বজন বিধিত । ফলত ফেকামাৰী আঞ্চলিক পঞ্চায়ত খনৰ উন্নয়নমূলক কাম কাজ একেবাৰে স্তব্ধ হৈ পৰিছে।

অসম