মেঘালয়ৰ ভাইটবাৰীত ভাৰত বিখ্যাত প্ৰেৰণাদায়ক বক্তা মুনাৱাৰ জামাৰ শিক্ষামূলক অনুষ্ঠান

এই কাৰ্যসূচীত নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক ড্ৰাগছ বৰ্জন কৰিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ভাইটবাৰীত সোমবাৰে সন্ধিয়া ভাৰত বিখ্যাত প্ৰেৰণাদায়ক বক্তা মুনাৱাৰ জামা এক শিক্ষামূলক কাৰ্যসূচীত অংশগ্ৰহন কৰে। ৰাজাবালা সমষ্টিৰ বিধায়ক ডাঃ মিজানুৰ ৰহমান কাজী আৰু মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত ভাইটবাৰী হাইস্কুল খেলপথাৰত আয়োজন কৰা এই শিক্ষামূলক কাৰ্যসূচীত মাদ্ৰাছাৰ ছাত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলক লৈ শিক্ষামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। 

উল্লেখ্য যে, এই কাৰ্যসূচীত নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক ড্ৰাগছ বৰ্জন কৰিবৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হয়। ইপিনে মেঘালয়ৰ পুস্কণীপাৰা জামিউল উলুম ৰহমানীয়া মাদ্ৰাছাত অনুষ্ঠিত হ'বলগীয়া ইছলামিক কনফাৰেন্সত বক্তা মুনাৱাৰ জামা উপস্থিত থাকি শুদ্ধ জীৱন গঢ়াৰ ওপৰত প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰিব। এই কাৰ্যসূচীত  AIUDFৰ  সভাপতি মৌলানা বদৰুদ্দিন আজমল উপস্থিত থাকিব।

মানকাচৰ