মানকাচৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

মানকাচৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত আজি দিনৰ প্ৰায় ২ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী গোপালপুৰ এলেকাত অবৈধভাৱে চলি থকা বাংলা ইটা ভাটাৰ বিৰুদ্ধে জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলায়। অভিযানত মুঠ ৫টা অবৈধ ইটা ভাটা উচ্ছেদ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-06 at 7.24.42 PM

ডিজিটেল ডেস্কঃ মানকাচৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত আজি দিনৰ প্ৰায় ২ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী গোপালপুৰ এলেকাত অবৈধভাৱে চলি থকা বাংলা ইটা ভাটাৰ বিৰুদ্ধে জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলায়। অভিযানত মুঠ ৫টা অবৈধ ইটা ভাটা উচ্ছেদ কৰে।

উল্লেখযোগ্য যে, উচ্ছেদৰ পূৰ্বে সংশ্লিষ্ট ভাটা সমূহলৈ প্ৰশাসনৰ ফালৰ পৰা ৩ দিনৰ ভিতৰত ভাটা বন্ধ কৰিবলৈ জাননী জাৰি কৰা হৈছিল। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিধিসম্মত ব্যৱস্থা নলোৱাৰ পৰিপ্ৰেক্ষিতত এইদৰে উচ্ছেদ অভিযান চলোৱা হয় বুলি মানকাচৰ ৰাজহ চক্ৰ বিষয়া জনে জানিবলৈ দিছে। লক্ষণীয় যে, ইয়াৰ পূৰ্বে জিলা প্ৰশাসনৰ পৰা তিনিটাকৈ স্থানত একেধৰণৰ উচ্ছেদ অভিযান চলাই প্ৰায় ২০ টা অবৈধ বাংলা ইটাভাটা উচ্ছেদ কৰিছে। 

ইপিনে পৰৱৰ্তী সময়তো পৰ্যায়ক্ৰমে জিলাখনত চলি থকা এনে অবৈধ ইটা ভাটা সমূহ জাননীৰ জৰিয়তে উচ্ছেদ কৰা হ’ব বুলি মানকাচৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

মানকাচাৰ