হাটশিঙিমাৰীৰত চাঞ্চল্যকৰ ঘটনাঃ সন্দেহজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাৰ সন্দেহজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
,plkonkl,l;pl;

ডিজিটেল সংবাদ, মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাৰ সন্দেহজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গাঁওখনৰ আমিৰুল শ্বেখৰ ঘৰত তেওঁৰ পত্নী ৰেশিগিনা বেগমৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈঠে প্ৰতিক্ৰিয়াৰ।

এই খবৰ লাভ কৰাৰ লগে লগে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সহকাৰী আয়ুক্ত পাপ্পু গগৈ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।

স্থানীয় ৰাইজৰ অভিযোগ মতে, ঘটনাৰ নিশা ঘৰৰ ওচৰতে এখন মেলা চলি আছিল আৰু সেই মেলাত জুৱা খেল চলিছিল। অভিযোগ অনুসৰি, আমিৰুল শ্বেখে উক্ত জুৱা খেলত অংশগ্ৰহণ কৰি বৃহৎ পৰিমাণৰ ধন হাৰি ঘৰলৈ উভতি আহিছিল আৰু তাৰ পিছতেই এই জঘন্য ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

ইফালে, স্বামী আমিৰুল শ্বেখে মেলাৰ পৰা পুৱতি নিশা ঘৰলৈ উভতি অহাৰ সময়ত পত্নী ৰেশিগিনা বেগমে ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰা বুলি দাবী কৰিছে। কিন্তু মৃত মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ লোকে এই দাবী অস্বীকাৰ কৰি দীৰ্ঘদিন ধৰি ৰেশিগিনা বেগমক স্বামীৰ ঘৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহা হৈছিল বুলি গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে, মৃত ৰেশিগিনা বেগম কণমানি দুটা সন্তানৰ মাতৃ। ঘটনাক কেন্দ্ৰ কৰি পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত সন্দেহত স্বামী আমিৰুল শ্বেখ আৰু তেওঁৰ পিতৃ-মাতৃক থানালৈ লৈ গৈ সোধ-পোছ আৰম্ভ কৰিছে। লগতে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

মানকাচৰ