/asomiyapratidin/media/media_files/2026/02/08/errosion-2026-02-08-15-47-37.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াত বিপৰ্যস্ত মানকাচৰ সমষ্টিৰ সুখচৰ গাঁও পঞ্চায়তৰ ফাত্তাপৰা এলেকাত চৰকাৰী সহায় নাপাই অৱশেষত ৰাইজে দান-বৰঙণিৰে খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে। ৰাইজে বল্ডাৰ ক্ৰয় কৰি স্পাৰ নিৰ্মাণৰ জৰিয়তে খহনীয়া ৰোধৰ চেষ্টা চলাইছে।
দীৰ্ঘদিন ধৰি খহনীয়া প্ৰতিৰোধৰ দাবী জনাই আহিছিল যদিও অসম চৰকাৰ, জলসম্পদ বিভাগ, জিলা প্ৰশাসন তথা স্থানীয় বিধায়ক আমিনুল ইছলাম আৰু সাংসদ ৰকিবুল হুছেইনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। লক্ষণীয় যে, এই সামাজিক উদ্যোগত দেওবাৰে এগৰাকী দৃষ্টিহীন লোকে ১১ হাজাৰ টকাৰ বৰঙণি আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
ইয়াৰ পূৰ্বে মালিৰ আলগাগাঁও পঞ্চায়ত এলেকাতো ৰাইজে দান-বৰঙণিৰে স্পাৰ নিৰ্মাণ কৰি খহনীয়া নিয়ন্ত্ৰণত সফলতা লাভ কৰিছিল। সেই সফলতাৰ অনুপ্ৰেৰণাতে এতিয়া সুখচৰ এলেকাতো একেই উদ্যোগ গ্ৰহণ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us