/asomiyapratidin/media/media_files/2026/02/03/1-2026-02-03-15-12-11.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত 1st BN NDRF বাহিনীৰ উদ্যোগত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ভূমিকম্পৰ ওপৰত এক মক ড্ৰিলৰ অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয় । এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে সম্ভাৱ্য ভূমিকম্পজনিত দুৰ্যোগৰ সময়ত গ্ৰহণ কৰিবলগীয়া সুৰক্ষা ব্যৱস্থা আৰু উদ্ধাৰ প্ৰক্ৰিয়া সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা।
/asomiyapratidin/media/post_attachments/28dfb9f7-6da.png)
কাৰ্যসূচীত 1st BN NDRF বাহিনীৰ পৰিদৰ্শক প্ৰবীণ ফুকনে উপস্থিত থাকি দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্যসকলক মক ড্ৰিলৰ ব্যৱহাৰিক অনুশীলন প্ৰদান কৰে। অনুশীলনৰ জৰিয়তে ভূমিকম্পৰ সময়ত কেনেদৰে সুৰক্ষিতভাৱে নিজকে ৰক্ষা কৰিব লাগে, লগতে উদ্ধাৰ আৰু প্ৰাথমিক চিকিৎসা ব্যৱস্থাপনা কেনেদৰে কৰিব লাগে, সেই সন্দৰ্ভত বিস্তৃত দিহা-নিৰ্দেশনা প্ৰদান কৰে। উল্লেখযোগ্য যে, কাইলৈ খাৰুৱাবান্ধাত ভূমিকম্পৰ ওপৰত মক ড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us