/asomiyapratidin/media/media_files/2026/02/07/1-2026-02-07-11-33-03.jpg)
ডিজিটেল ডেস্কঃ অসমত বৰ্ধিত ছাইবাৰ অপৰাধ এক গুৰুতৰ সমস্যা হিচাপে পৰিগণিত হৈছে। দক্ষিণ শালমাৰা–মানকাচৰ জিলাত ছাইবাৰ অপৰাধীৰ দুষ্টচক্ৰই জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নাম আৰু ফটো ব্যৱহাৰ কৰি ভুৱা হোৱাটছএপ একাউণ্ট খুলি ধনদাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে।
/asomiyapratidin/media/post_attachments/b613a5ee-2e8.png)
জানিব পৰা মতে, ভিয়েটনামৰ +84 56 240 3606 আৰু +84 56 864 3453 নম্বৰৰ পৰা বিভিন্ন লোকলৈ সাধাৰণ বাৰ্তা প্ৰেৰণ কৰি পৰৱৰ্তী সময়ত ধন দাবী কৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে উক্ত নম্বৰ দুটা সম্পূৰ্ণৰূপে ভূৱা বুলি স্পষ্ট কৰি কয় যে, এইবোৰ জিলা প্ৰশাসনৰ সৈতে সম্পৰ্কিত নহয়। জিলা আয়ুক্ত গৰাকীয়ে ৰাইজক অচিনাকি আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা অহা বাৰ্তালৈ সঁহাৰি নিদিবলৈ, কোনো ধৰণৰ ধন প্ৰদান নকৰিবলৈ আৰু সন্দেহজনক একাউণ্ট তৎক্ষণাৎ ব্লক কৰি আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে। বিষয়টো ইতিমধ্যে আৰক্ষীক অৱগত কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে।
/asomiyapratidin/media/post_attachments/ad73c5e3-f7b.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us