/asomiyapratidin/media/media_files/2025/09/01/1-2025-09-01-10-20-20.jpg)
ডিজিটেল সংবাদ,মানকাচাৰঃ মানকাচৰত কংগ্ৰেছত মুকলি বিসম্বাদ। জিলা পৰিষদৰ ৪ খন আসনৰ ভিতৰত ৩খন কংগ্ৰেছ দখল কৰাৰ পাছতো উপ সভাপতি পোৱা নাই কংগ্ৰেছে। জিলা কংগ্ৰেছৰ হুইপক বুঢ়া আঙুল বিসম্বাদী কংগ্ৰেছ মনু খানৰ। জিলা পৰিষদ গঠনত খেলিমেলিৰ অভিযোগ তুলি দুই সদস্যাই উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে।
বিষয়টো পৰ্যবেক্ষনৰ বাবে হাটশিঙিমাৰীত উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছৰ ২ পৰ্যবেক্ষকৰ উপস্থিতিত কংগ্ৰেছী-কংগ্ৰেছীৰ মাজত উত্তপ্ত পৰিস্থিতি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছৰে পৰা মানকাচৰত কংগ্ৰেছীৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ।
বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদ গঠনক লৈ জিলা কংগ্ৰেছ আৰু আৰ এইচ খানৰ ভাতৃ মনু খানৰ মাজত মুকলি বিসম্বাদ আৰম্ভ হৈছে। হাটশিঙিমাৰী জিলা পৰিষদৰ মুঠ আসন ৪ খন। ইয়াৰে কংগ্ৰেছ ৩ খন আসন দখল কৰাৰ লগতে ১ খন আসনত নিৰ্দলীয় প্ৰাৰ্থী জয়লাভ কৰিছে।
কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ফলত জিলা কংগ্ৰেছৰ পৰা মিৰ্জুনা বেগমক হাটশিঙিমাৰী জিলা পৰিষদৰ সভানেত্ৰী পদত মনোনীত কৰে। মিৰ্জুনাক সভানেত্ৰী পাতিবলৈ জিলা কংগ্ৰেছে জয়লাভ কৰা কংগ্ৰেছৰ সদস্যা কেইজনক হুইপ জাৰি কৰে।
মনু খান জিলা কংগ্ৰেছক হুইপক বুঢ়া আঙুল দেখুৱাই নিৰ্দলীয় সদস্য ওৱাহিদুৰ ৰহমান আদোৰ সহযোগত পত্নী তানজিনা খানক জিলা পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাচতেই মানকাচৰ কংগ্ৰেছত মুকলিকৈ তীব্ৰ বিসম্বাদ আৰম্ভ হৈছে।
জিলা পৰিষদ গঠন কৰা তানজিনা খানৰ স্বামী মনু খান জিলা কংগ্ৰেছক নামানে বুলি সংবাদ মাধ্যমত দাবী কৰাৰ উপৰিও তেওঁ ৰাহুল গান্ধী, গৌৰভ গগৈ আৰু ৰকিবুল হুছেইনৰ কংগ্ৰেছ কৰে বুলি জিলা কংগ্ৰেছক মুকলৈ বুঢ়া আঙুল দেখুৱায়।
ইফালে ৭ আগষ্টত জিলা পৰিষদ গঠনৰ পূৰ্বে ১৭ মে তাৰিখে নিৰ্দলীয় সদস্য ওৱাহিদুৰ ৰহমান আদো কংগ্ৰেছত যোগদান কৰা বুলি কালি হঠাত এটা পত্ৰ ভাইৰেল হৈ পৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ছৰিফুৰ ৰহমান সাক্ষৰিত পত্ৰখনত স্পষ্টভাৱে ১৭ মে তাৰিখে নিৰ্দলীয় প্ৰাৰ্থী ওৱাহিদুৰ ৰহমান আদো কংগ্ৰেছত যোগদান কৰাৰ কথা উল্লেখ আছে।
ৰহস্যজনক ভাৱে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছৰিফুৰ ৰহমান দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছক অৱগত নকৰাকৈ ওৱাহিদুৰ ৰহমানক কংগ্ৰেছত যোগদান কৰোৱাৰ অভিযোগ উত্থাপন হৈছে।লক্ষ্যণীয় যে, ৪ খন আসনৰ ভিতৰত ৩ খন আসন কংগ্ৰেছে লাভ কৰাৰ পাচতো জিলা কংগ্ৰেছৰ হুইপক বুঢ়া আঙুল দেখুওৱাই নিৰ্দলীয় সদস্যৰ সহযোগত জিলা পৰিষদ বিষয়টোক লৈ কালি বিয়লি অসম প্ৰদেশ কংগ্ৰেছৰ ৩ গৰাকী পৰ্যবেক্ষক উপস্থিত হয় হাটশিঙিমাৰীত।
হাটশিঙিমাৰী আৱৰ্ত ভৱনত নিৰ্দলীয় প্ৰাৰ্থী ওৱাহিদুৰ ৰহমান আদো কংগ্ৰেছত যোগদান কৰা বিষয়ক কংগ্ৰেছ-কংগ্ৰেছীৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে।
পৰ্যবেক্ষকৰ দলটো নিশাই ধুবুৰীলৈ ৰওনা হৈছে। একক সংখ্যাগৰিষ্ঠতা লাভ কৰিও ধুবুৰীতো কিয় কংগ্ৰেছে ধুবুৰী জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে তাকে লৈ ৩ পৰ্যবেক্ষকৰ দলটোৱে বিষয়টো পৰ্যবেক্ষণ কৰিব।পৰ্যবেক্ষকৰ দলত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ আৰ পি শৰ্মা, সাধাৰণ সম্পাদক ছৰিফুৰ ৰহমান আৰু মুখপাত্ৰ বৰ্ণালী ফুকন ।