/asomiyapratidin/media/media_files/2026/01/19/68cb6d85-8229-4b1e-a7a9-855fdc86f731-2026-01-19-18-37-48.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ ঝালৰচৰস্থিত ১৮৩ নং বেটেলিয়ান BSF কেম্পত সোমবাৰে এক নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত সীমান্তৱৰ্তী এলেকাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকক বিভিন্ন খেলৰ সামগ্ৰী আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।
এই বিতৰণ কাৰ্যসূচীত ২৫০ লিটাৰ প্ৰতিঘণ্টা ক্ষমতাৰ RO পানী পৰিশোধন যন্ত্ৰ, উলৰ কম্বল, ছোৱালীৰ বাবে ট্ৰেকছুট, ভলীবল, ফুটবল, ক্রিকেট বেট, টেনিছ বল, ভলীবল জাল আৰু ফুটবল গ’লপোষ্টৰ জাল আদি সামগ্ৰী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত ১৮৩ নং বেটেলিয়ান BSFৰ কমান্ডেণ্ট প্ৰেম পাল সিং উপস্থিত থাকি নিজ হাতে সামগ্ৰীসমূহ বিতৰণ কৰে।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, সীমান্তৱৰ্তী এলেকাৰ লোকসকলৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাই BSFৰ মুখ্য লক্ষ্য আৰু সেই উদ্দেশ্যে নিয়মিতভাৱে নাগৰিক সভা আয়োজন কৰি অহা হৈছে। এনে ধৰণৰ কাৰ্য্যসূচীৰ জৰিয়তে সীমান্তৱৰ্তী লোকৰ সহযোগত আন্তৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন অপৰাধ দমন কৰিব পাৰি বুলিও কমাণ্ডেণ্ট প্ৰেম পাল সিং মত প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us