অপৰাধ-অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ মানকাচৰ প্ৰশাসন

ড্ৰাগছ, বাল্য-বিবাহ, শিশু শ্ৰমিক, যান-বাহন আইন আৰু চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল সংবাদ,মানকাচৰঃ  দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে মানকাচৰৰ হাজিৰহাটত এক সজাগতা সভাৰ জৰিয়তে বাল্য বিবাহ, ড্ৰাগছ, শিশু শ্ৰমিক, যান-বাহন আইন আৰু চাইবাৰ অপৰাধ সম্পৰ্কে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীক সজাগ কৰিবলৈ এক সজাগতা সভাৰ আয়োজন কৰে।  

WhatsApp Image 2025-11-25 at 5.27.13 PM

উল্লেখ্য যে এই সজাগতা সভাত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সিংহৰাম মিলি মুখ্য অতিথি হিচাপে বৰ্তমান সমাজত চলি থকা ৫ টা অপৰাধ আৰু অপৰাধ কৰিলে কি শাস্তি হয় সেই সম্পৰ্কে উপস্থিত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীক অৱগত কৰে।

WhatsApp Image 2025-11-25 at 5.28.09 PM

তাৰোপৰি ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধ দমনৰ কৰি অপৰাধমুক্ত জিলা গঠনৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষকে এই কাৰ্য্যসূচী হাতত লৈছে। 

image (24)

মানকাচৰ