গজাৰিকান্দিত জিলা আশা সন্মিলন সম্পন্ন...

দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে জিলা আশা সন্মিলন অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত দিনজোৰা কাৰ্যসূচীৰে জিলা আশা সন্মিলন অনুষ্ঠিত হয়। স্বাস্থ্য খণ্ডত বিশেষ অৱদান আগবঢ়াই অহা আশা কৰ্মীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে সন্মিলনখন আয়োজন কৰে। জিলা পৰিষদৰ সভানেত্ৰী তানজিনা খানে অনুষ্ঠান উদ্বোধন কৰে। সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জয় চৌধুৰী, জিলা পৰিষদৰ উপ-সভাপতি ওৱাহিদুৰ ৰহমান, জিলা যক্ষ্মা ৰোগ বিষয়া ডাঃ ছাদ্ৰুল হক খন্দকাৰ, জিলা প্ৰকল্প বিষয়া ৰুফুল আমিন মণ্ডল আদিৰ লগতে বহুকেইগৰাকী চিকিৎসক-স্বাস্থ্যকৰ্মীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

\

সন্মিলনত যোৱা বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শন কৰা মুঠ ১৮ গৰাকী আশা কৰ্মীক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। ইয়াত সৰ্বাধিক উপাৰ্জন, উচ্চ ঝুঁকিপূৰ্ণ গৰ্ভৱতীৰ প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিতকৰণ, সম্পূৰ্ণ এএনচি, CBAC ফ’ল’আপ, ANTARA-MPV সেৱা আৰু সম্পূৰ্ণ টীকাকৰণ শাখাত তিনিগৰাকীকৈ আশা সম্বৰ্ধনা লাভ কৰে। ইয়াৰ উপৰিও ৬০ বছৰ ঊৰ্ধ্বৰ ১২ গৰাকী অৱসৰপ্ৰাপ্ত আশাক ২ লাখ টকাকৈ আৰ্থিক সাহায্য আৰু কৰ্মৰত অৱস্থাত মৃত্যুমুখত পৰা দুগৰাকী আশাৰ পৰিয়ালক ১ লাখ টকাকৈ চৰকাৰী সাহায্য প্ৰদান কৰে। 

দক্ষিণ শালমাৰা