/asomiyapratidin/media/media_files/2025/10/11/1-2025-10-11-12-32-53.jpg)
ডিজিটেল সংবাদ,মানকাচৰঃ ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালভাৱে ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক দল আৰু নেতাৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শুকুৰবাৰে সন্ধিয়া এআইইউডিএফৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিয়ে হাটশ্বিঙিমাৰীত এক জিলাভিত্তিক কৰ্মীসভা অনুষ্ঠিত কৰে।
বিধায়ক আমিনুল ইছলামৰ উপস্থিতিত এআইইউডিএফে অনুষ্ঠিত কৰা কৰ্মীসভাৰ জৰিয়তে মানকাচৰ সমষ্টিত আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰে। বিধায়ক গৰাকীয়ে উপস্থিত ৰাইজৰ আগত নিজ কাৰ্যকালৰ খাতিয়ান দাঙি ধৰা পাছতে নিৰ্বাচনৰ বাবে সকলোৱে সাজু হ’বলৈ জিলা কমিটিয়ে নিৰ্দেশনা প্ৰদান কৰে।
আনহাতে, বৰ্তমানলৈকে আজমলৰ বিষয় লৈ কোনেও স্পষ্ট মতামত দাঙি নধৰিলেও দলৰ মুৰব্বী গৰাকীৰ বাবে মানকাচৰ সমষ্টি এৰিবলৈ সাঁজু বিধায়ক আমিনুল ইছলাম। দলৰ মুৰব্বী বদৰুদ্দিন আজমল পুনৰ বিধানসভাৰ নিৰ্বাচনলৈ উভতি আহিব লাগে বুলি ইচ্ছা প্ৰকাশ কৰে দলীয় কৰ্মী সকলে।
লক্ষ্যণীয় যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা কমিটিৰ সাংগঠনিক সম্পাদক হাবিবুল ইছলাম হিটলাৰক জিলা প্ৰশাসনিক সাধাৰণ সম্পাদকৰ পদত পদোন্নতি কৰা হৈছে। একেদৰে দীৰ্ঘদিনে খালী হৈ থকা দলটোৰ জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে আব্দুল মোকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক হিচাপে লুতফৰ ৰহমানক নতুনকৈ নিযুক্তি দিয়া হয়। আনহাতে ফেকামাৰী আৰু মানকাচৰ ব্ল’ক কমিটিৰ সভাপতি আৰু উপসভাপতিও এই কৰ্মীসভাৰ জৰিয়তে বিধায়ক আমিনুল ইছলামে নিযুক্তি দিয়া বুলি প্ৰকাশ কৰে।