/asomiyapratidin/media/media_files/2025/10/07/web-ap-1-3-2025-10-07-18-46-07.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ ৰাজহ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম বৰ্মণৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক লিখিত অভিযোগ দাখিল কৰিলে এগৰাকী যুৱতীয়ে। ধুবুৰীৰ এই যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে যৌন সম্পৰ্ক স্থাপনৰ অভিযোগ উত্থাপন হৈছিল বিষয়াগৰাকীৰ বিৰুদ্ধে। ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত যুৱতী গৰাকীৰ সৈতে কেবাবাৰো যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী আৰু ৰাজহ বিভাগৰ মন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰি লিখিত অভিযোগ দাখিল কৰিছে।
উল্লেখযোগ্য যে, বিগত ১১ ছেপ্টেম্বৰত মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় উপস্থিত হৈছিল ভুক্তভোগী যুৱতী গৰাকী। তেতিয়াৰ পৰাই কাৰ্যালয়ৰ পৰা পলায়ন কৰা ৰাজহ চক্ৰ বিষয়া গৰাকী ছুটি লৈ আজিলৈ আত্মগোপন কৰি আছে। ইফালে, জিলা প্ৰশাসনে ৰাজহ চক্ৰ বিষয়া গৰাকীক ৰহস্যজনক ছুটি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পূৰ্বে ১১ ছেপ্টেম্বৰত দক্ষিণ শালমাৰা-মানকাচৰ জিলা আয়ুক্ত, জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তক লিখিত অভিযোগ দিছিল। এই অভিযোগৰ পিছতো জিলা প্ৰশাসনে কিদৰে অভিযুক্ত পাৰ্থ প্ৰতীম বৰ্মণৰ ছুটি মঞ্জুৰ কৰিছিল তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।
জানিব পৰা মতে, ২০ ছেপ্টেম্বৰলৈ তেওঁ ছুটিৰ অনুমোদন লাভ কৰিছিল। সম্প্ৰতি জিলাখনৰ পৰা অন্য জিলালৈ বদলিকৰণৰ বাবে পাৰ্থ প্ৰতিমে দিছপুৰলৈ তাঁত-বাতি কৰাৰো অভিযোগ পোৱা গৈছে।
আনহাতে, পাৰ্থ প্ৰতীম বৰ্মণৰ পত্নীৰ বিৰুদ্ধেও যুৱতী গৰাকীয়ে উত্থাপন কৰিছে কেইবাটাও অভিযোগ। যৌন সম্পৰ্কৰ কথা পোহৰলৈ অনাক লৈ যুৱতী গৰাকীক বৰ্মণ পত্নীয়ে ভয়-ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে, পাৰ্থ প্ৰতীম বৰ্মণ পত্নীও এগৰাকী এচিএছ বিষয়া। ইফালে, পাৰ্থ প্ৰতীমে ধুবুৰী থকা সময়ত যুৱতী গৰাকীক গাড়ী চালকৰ হতুৱাই কিদৰে নিজৰ ৰূমলৈ নিছিল তাৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে।