উপ-মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণক লৈ পুনৰ অশান্ত মণিপুৰ

মণিপুৰৰ নতুন উপ-মুখ্যমন্ত্ৰী হিচাপে নেমচা কিপগেন আৰু ল'ছি দিখোৱে শপতগ্ৰহণৰ বিৰুদ্ধে চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ লোকৰ সৈতে সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত হিংসাত্মক ৰূপ ধাৰণ কৰিছে মণিপুৰত। 

author-image
Asomiya Pratidin
New Update
ythrtyr8i hgoi u

ডিজিটেল ডেস্কঃ প্ৰায় এবছৰৰ ৰাষ্ট্ৰপতি শাসনৰ অন্তত মণিপুৰত নতুন চৰকাৰ গঠন হৈছে। কিন্তু চৰকাৰ গঠন হ'লেও অস্থিৰতা কমা নাই হিংসাজৰ্জৰ ৰাজ্যখনত। পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। মণিপুৰৰ নতুন উপ-মুখ্যমন্ত্ৰী হিচাপে নেমচা কিপগেন আৰু ল'ছি দিখোৱে শপতগ্ৰহণৰ বিৰুদ্ধে চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ লোকৰ সৈতে সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত হিংসাত্মক ৰূপ ধাৰণ কৰিছে মণিপুৰত। 

monipur

উল্লেখ্য যে- টুইবং মেইন মাৰ্কেট এলেকাত শ শ যুৱ প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীক নিজৰ বেৰেকলৈ ঘূৰাই পঠিওৱাৰ চেষ্টা চলাইছিল। নিৰাপত্তা বাহিনীয়ে এই কথা মানিবলৈ অনিচ্ছুক হোৱাৰ সময়তে শিলগুটি নিক্ষেপ কৰে। কিছুমানে পথৰ মাজতে টায়াৰ জ্বলাই দিয়াও পৰিলক্ষিত হয়। ইয়াৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

ইপিনে কুকি-জোমি দলৰ তিনিগৰাকী বিধায়ক মণিপুৰ চৰকাৰত অংশগ্ৰহণ কৰিছে। উপ-মুখ্যমন্ত্ৰীৰূপে শপত লোৱা নেমচা কিপগেনকে ধৰি ৩ কুকি বিধায়কক চৰকাৰ ত্যাগ কৰাৰ চৰম সকীয়নি প্ৰদান কৰিছে। এজন উগ্ৰপন্থী নেতাৰ পত্নীক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়াক লৈও ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে, প্ৰতিবাদস্থলীত প্ৰায় ১২ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। লগতে বহু সা-সম্পত্তি ভস্মীভূত হৈছে। 

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অসম ৰাইফলছে কন্দুৱা গেছ আৰু লাঠিচালনা কৰিবলগীয়া হয়।  কুকি সংগঠনসমূহৰ আহ্বানত আজি চুৰাচান্দপুৰ আৰু কাংপোকপি জিলাত সম্পূৰ্ণ বন্ধ পালন কৰা হৈছে। দোকান-পোহৰ, যাতায়ত সকলো ব্যাহত হৈ পৰিছে। 

মণিপুৰ