কোন নেতাই জনসভাত মুকলিকৈ ভাবুকি দিছিল সাংবাদিক অভিদ্বীপ শইকীয়াক?

দুৰ্বৃত্ত গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা নাগালেণ্ডৰ হৰ্নবিল টিভিৰ জ্যেষ্ঠ সাংবাদিক তথা যোৰহাট মৰিয়নীৰ অভিদ্বীপ শইকীয়া স্বাস্থ্য সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসালয় সূত্ৰই জানিবলৈ দিছে। 

author-image
Asomiya Pratidin
New Update
new ap web 3

ডিজিটেল সংবাদ, বেকাজানঃ শনিবাৰে মণিপুৰৰ সেনাপতি জিলাৰ লাই গাঁৱত অনুষ্ঠিত জিনিয়া মহোৎসৱৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ দুৰ্বৃত্ত গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা নাগালেণ্ডৰ হৰ্নবিল টিভিৰ জ্যেষ্ঠ সাংবাদিক তথা যোৰহাট মৰিয়নীৰ অভিদ্বীপ শইকীয়া স্বাস্থ্য সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসালয় সূত্ৰই জানিবলৈ দিছে। 

গুলীবিদ্ধ হোৱা সাংবাদিকগৰাকী ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও এতিয়াও অভিদ্বীপ শইকীয়াৰ শৰীৰৰ এটা বুলেট সোমাই থকাৰ উশাহ নিশাহ লোৱাত বিষ অনুভৱ কৰা বুলি জানিব পৰা গৈছে। ডিমাপুৰৰ চাৰিমাইলত থকা খ্ৰীষ্টান ইনষ্টিটিউট অৱ হেলথ চাইন্সেছ এণ্ড ৰিচাৰ্চ চিকিত্‍সালয়ত বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণ থকা অভিদ্বীপৰ স্বাস্থ্য কিছু সুস্থিৰ হোৱাৰ পিছতহে কাষলতি তলত সোমাই থকা গুলী উলিয়াবৰ বাবে অস্ত্ৰোপচাৰ কৰিব। 

উল্লেখযোগ্য যে, শনিবাৰে বিয়লি প্ৰায় চাৰিমান বজাত অভিদ্বীপ শইকীয়াই তেওঁৰ সতীৰ্থ কেমেৰামেন আংগুভি সৈতে মণিপুৰৰ সেনাপতি জিলাৰ পৌমাই নগা জনগোষ্ঠীৰ লাই গাঁৱত অনুষ্ঠিত জিনিয়া ফ্লাৱাৰ মহোৎসৱৰ বাতৰি সংগ্ৰহ কৰি উভতি অহাৰ সময়ত পথত ভূমিস্খলনৰ বাবে কিছু সময় সেই ঠাইত ৰৈছিল। তেনেতে গাড়ীৰ পৰা নামি গৈ এটা জিৰণি লবৰ ঘৰত আশ্ৰয় লোৱা সময়তে এখন বগা ৰঙৰ গাড়ী পৰা অত্যাধুনিক হাইড্ৰলিক লেজাৰ এয়াৰ গানেৰে অভিদ্বীপ শইকীয়ালৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীয়াই। প্ৰথমটো গুলি অভিদ্বীপৰ সোঁভৰিত আঘাত কৰে। ইয়াৰ  দহ চেকেণ্ডত পিছত পুনৰ কাষলতি দ্বিতীয়টো গুলীয়ে আঘাত কৰে। 

প্ৰথম অৱস্থাত অভিদ্বীপ শইকীয়াই কোনোবাই ভৰিত শিলগুটি দলিওৱা বুলি ভাবিছিল যদিও তেওঁ তেজ দেখি নিশ্চিত হৈছিল তেওঁক লক্ষ্য কৰি কোনোবাই গুলীয়াইছে। লগে লগেই প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ সতীৰ্থ সৈতে গাড়ীত আশ্ৰয় লয়। ইয়াৰ পিছত সাংবাদিক গৰাকীক লাই গাঁৱৰ পিএইচ এছ লৈ যোৱা হয়। গুলী লগা নিশ্চিত হোৱাৰ পাছত ততালিকে ডিমাপুৰৰ খ্ৰীষ্টান ইনষ্টিটিউট অৱ হেলথ চাইন্সেছ এণ্ড ৰিচাৰ্চ চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়। 

সাংবাদিকগৰাকীৰ মতে, এই আক্ৰমণ কোনো শব্দ নোহোৱাকৈ হঠাতে হৈছিল। প্ৰথম গুলীটো মোৰ সোঁভৰিত লাগিছিল। তাৰ পিছত ঠিক ১০ ছেকেণ্ডৰ পিছত দ্বিতীয়টো গুলী মোৰ কাষলতি তলত আঘাত কৰিছিল। আনহাতে, এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা তেওঁৰ সতীৰ্থ হৰ্ণবিল টিভিৰ কেমেৰামেন আংগুভি মতে, বাইনোকুলাৰ থকা হাইড্ৰলিক স্বয়ংক্ৰিয় এয়াৰ গান আছিল। গুলীওৱাৰ পাছত গাড়ী লৈ দুৰ্বৃত্ত পলায়ন কৰিছিল যদিও ভূমিস্খলনৰ বাবে আবদ্ধ পৰে। পিছত গাড়ীখন চিনাক্ত কৰি গাঁওবাসী গুলীচালনা লোকজনক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।  

প্ৰাৰম্ভিক খবৰ গুলীওৱা লোকজনৰ পিতৃ পৌমাই আৰু মাতৃ লোথা জনগোষ্ঠীৰ। ইফালে কৰায়ত্ত কৰাৰ সময়ত গুলীচালনা কৰা ব্যক্তিজনে ইয়াক দুৰ্ঘটনা বুলি দাবী কৰিছে। তেওঁ মাত্ৰ প্ৰায় ১০০ মিটাৰ দূৰৰ পৰা এটা চৰাইক গুলীয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু ঘন কুঁৱলীৰ বাবে ৰিপ’ৰ্টাৰজন তাত আছে বুলিও গম পোৱা নাছিল। 

ইফালে এই দুৰ্ভাগ্যজনক ঘটনাক মণিপুৰৰ সেনাপতি জিলাৰ লাই গাঁৱবাসী নিন্দা কৰিছে। দুৰ্বৃত্ত কেইটা তেওঁলোকৰ গাঁৱৰ নহয় বুলি স্পষ্ট কৰি দিছে। আনহাতে, এই গুলীচালনাৰ ঘটনাৰ সৈতে কিছুদিন আগতে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পাট্টনে সাংবাদিকগৰাকীক এখন জনসভাত মুকলিকৈ ভাবুকি দিয়া ঘটনাৰ সৈতে জড়িত থাকিব পাৰে বিশেষ চৰ্চা হৈছে। অৱশ্যে অভিদ্বীপ শইকীয়াই এই ঘটনাৰ কোন জড়িত তেওঁ নাজানে বুলি উল্লেখ কৰে। তেওঁ মুকলিকৈ বাতৰি পৰিবেশন কৰাৰ বাবে জীৱনৰ কিছু ভাবুকি আহিছে বুলি জানিবলৈ দিছে। সাংবাদিক ওপৰত হোৱা এনে ঘটনাত নাগালেণ্ডৰ লগতে অসমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। 

মণিপুৰ