জিৰিবামত সান্ধ্য আইন জাৰি...

সংঘৰ্ষত এজন CRPF কনিষ্টবল আঘাতপ্ৰাপ্ত হৈছিল ৷ বৰ্তমান তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছে । ইতিমধ্যে এনকাউণ্টাৰৰ স্থানৰ পৰা উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মণিপুৰক অশান্ত পৰিস্থিতি...

১১জন কুকি সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুগৰাকীকৈ নিৰীহ মহিলাৰ হত্যাৰ পাছত অবৰ্ণনীয় হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। ফলত জিৰিবামত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছে। মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতি সাম নকটাৰ ফলত এই স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে।

মণিপুৰৰ জিৰিবামত সোমবাৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু অসামৰিক আৰক্ষীৰ সৈতে এক সংঘৰ্ষ হৈছিল ৷ এই সংঘৰ্ষত ১১জন সন্ত্ৰাসবাদী নিহত হৈছিল । মণিপুৰ আৰক্ষীয়ে জাৰি কৰা এক প্ৰেছ বিবৃত্তি অনুসৰি, এই সংঘৰ্ষত এজন CRPF কনিষ্টবল আঘাতপ্ৰাপ্ত হৈছিল ৷ বৰ্তমান তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছে । ইতিমধ্যে এনকাউণ্টাৰৰ স্থানৰ পৰা উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ।

 ইয়াৰোপৰি কিছুদিন পূৰ্বে জিৰিবাম জিলাৰ জেইৰন গাঁৱত আততায়ীয়ে কৰা অগ্নি সংযোগত প্ৰাণ হেৰুৱাইছিল অঞ্চলটোৰ এগৰাকী অতি নিষ্ঠাৱান, পৰোপকাৰী শিক্ষয়ত্ৰী হিচাপে পৰিচিত পি জোছাংকিম নাম মহিলাগৰাকীয়ে। এই ঘটনাৰ দুদিন পাছতে শনিবাৰে পুনৰ বিষ্ণুপুৰ জিলাৰ চাইটন অঞ্চলত পথাৰত ধান চপাই থকা অৱস্থাত সন্দেহযুক্ত কুকি বিদ্ৰোহীয়ে হত্যা কৰে এগৰাকী ২৭ বছৰীয়া মহিলাক।

ইফালে এই হিংসাত্মক পৰিস্থিতিৰ পিছতে কুকি-জো পৰিষদে মঙলবাৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে । উচিত ন্যায় প্ৰদান কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনাইছে পৰিষদে । ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে জিৰিবামত সান্ধ্য আইন জাৰি কৰাৰ নিৰ্দেশ দিয়া হৈছে ।