মনহা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভা...

মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত ঝাৰগাঁও কৃষিপাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা মনহা কেন্দ্ৰৰ প্ৰাক্তন সম্পাদক ভদ্ৰেশ্বৰ ডেকাক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে সম্বৰ্ধনা সভা অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
sambardhananananan

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত ঝাৰগাঁও কৃষিপাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা মনহা কেন্দ্ৰৰ প্ৰাক্তন সম্পাদক ভদ্ৰেশ্বৰ ডেকাক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে শুকুৰবাৰে  মনহা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত মনহা কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। মনহা কেন্দ্ৰৰ সভাপতি ৰসধৰ বাংঠায়ে  সভাপতিত্ব কৰা সভাখনত কেন্দ্ৰৰ সম্পাদক ৰতন সৰকাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। 

সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মায়ং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লেখামণি হীৰাই কয় যে- সামাজিক স্বীকৃতিয়ে শিক্ষকসকলক অনুপ্ৰাণিত কৰে। মনহা শিক্ষক কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয়। সভাত অংশগ্ৰহণ কৰি মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মিহিৰ হাজৰিকা আৰু সাধাৰণ সম্পাদক মানস প্ৰতীম পাটৰ, সাংবাদিক নজৰুল ইছলাম,শিক্ষক তথা কবি ৰাজীৱ চহৰীয়া ই  ভদ্ৰেশ্বৰ ডেকাৰ শৈক্ষিক-সাংগঠনিক অৱদানৰ বিষয়ে উল্লেখ কৰে। 

সভাখনত মনহা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ ২৫ বছৰে সম্পাদকৰ দায়িত্ব পালন কৰা ভদ্ৰেশ্বৰ ডেকাক গামোচা, শৰাই, জাপি সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত মায়ং খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি মিণ্টু কুমাৰ বৰঠাকুৰ, সম্পাদক জিতেন শইকীয়া, মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ডিজিটেল কোষৰ সম্পাদক অনুপ কুমাৰ দাস,অৱসৰী শিক্ষয়িত্ৰী বুলুমাই গোস্বামী,সাংবাদিক মৃদুল ডেকা, শিক্ষক ৰিজু শৰ্মা, শিক্ষয়িত্ৰী অংশুমালা শইকীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিক্ষয়িত্ৰী মনিকা ডেকাই শলাগৰ শৰাই আগবঢ়ায়।

মৰিগাঁও