নিশা দৰ্শকক 'ৰৈ ৰৈ বিনালে' দেখুৱাই জোনবাইৰ দেশলৈ গ'লগৈ শ্যামল...

নিশা দৰ্শকক মঙলদৈৰ  চিনেমা হলত ৰৈ ৰৈ বিনালে দেখুৱাই জোনবাইৰ দেশলৈ গলগৈ মঙলদৈ নাহৰবাৰীৰ শ্যামল। মঙলদৈৰ ২ নং বেজপাৰাত টেলিচুবাত বুধবাৰে নিশা  সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
tododlld

ডিজিটেল সংবাদ, মঙলদৈঃ নিশা দৰ্শকক মঙলদৈৰ  চিনেমা হলত ৰৈ ৰৈ বিনালে দেখুৱাই জোনবাইৰ দেশলৈ গলগৈ মঙলদৈ নাহৰবাৰীৰ শ্যামল। মঙলদৈৰ ২ নং বেজপাৰাত টেলিচুবাত বুধবাৰে নিশা  সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

পুৱা প্ৰাতভ্রমনলৈ অহা লোকে প্ৰত্যক্ষ কৰে মেটেকা ভৰ্তি এটা পুখুৰীত এটা মৃতদেহ আৰু কাষতে পৰি থকা এখন বাইক। মৃত লোকজন মঙলদৈৰ নাহৰবাৰীৰ শ্যামল শৰ্মা বুলি জানিব পৰা গৈছে।

শ্যামল শৰ্মা মঙলদৈ Dream Theatre চিনেমা হলৰ ৰ অপাৰেটৰ আছিল। মঙলদৈৰ Dream Theatre ছবিগৃহ ৰ অপাৰেটৰ হিচাবে কৰ্মৰত শ্যামলে নিশাৰ শেষৰ দৰ্শনী সমাপ্ত কৰি ১২.৩০ বজাত নিজ গৃহ নাহৰবাৰীলৈ গৈ আছিল।

বাইকেৰে গৈ থকা অৱস্থাত উক্ত অঞ্চলত দুর্ঘটনাগ্ৰস্ত হৈ পথৰ কাষতে থকা এটা মেটেকা ভৰ্তি খাৱৈ ত পৰি যায়। পুৱা একাংশ লোকে আহি প্ৰথমে পথৰ ওপৰত মোবাইলটো প্ৰত্যক্ষ কৰে, তাৰ পিছত অলপ চোৱাছিটা কৰাৰ পিছত বাইক খন আৰু মেটেকাৰ তলত মানুহ জনকো প্ৰত্যক্ষ কৰে।

লগে লগে স্থানীয় লোকে মঙলদৈ আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰবাবে মৃতদেহ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

মঙলদৈ