/asomiyapratidin/media/media_files/2025/12/03/4-2025-12-03-15-46-24.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ কে এলঅ' শান্তি চুক্তি, পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনজাতিকৰণৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। KSDCৰ এই আন্দোলন একে সময়তে অসম আৰু উত্তৰবংগৰ বিভিন্ন অঞ্চলত বুধবাৰৰ পৰা আৰম্ভণি হৈছে ৷ বড়ো জনগোষ্ঠীৰ নেতা সকলে বৰ্তমানৰ চৰকাৰে কোচ ৰাজবংশী সকলৰ লগতে ৬ জনগোষ্ঠীক জনজাতিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই চৰকাৰক অৰ্থনৈতিক সমীক্ষা কৰিবলৈ আহ্বান জনাই ।
উল্লেখ্য় যে, আন্দোলন স্থলীত পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক কোচ ৰাজবংশী সকলক ভাগ ভাগ নকৰি সকলোকে সমমৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনাই। ইপিনে কোচৰাজবংশী সকলৰ দাবী পূৰণ নকৰিলে অনাগত সময়ত ৰে'ল অৱৰোধৰ দৰে বৃহৎ আন্দোলন হোৱাৰ হুংকাৰ প্ৰদান কৰিছে নেতৃত্বই ৷
/asomiyapratidin/media/post_attachments/663bc1ab-9d0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us