যক্ষ্মা নিৰ্মূলকৰণত নিয়োজিত পাঁচ শতাধিক কৰ্মচাৰীক দিয়া প্ৰতিশ্ৰুতি ৰাখিবনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই…

যক্ষ্মা নিৰ্মূলকৰণত নিয়োজিত পাঁচ শতাধিক কৰ্মচাৰীক দিয়া প্ৰতিশ্ৰুতি ৰাখিবনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই…

ডিজিটেল সংবাদ, মঙলদৈঃ অসমত 'যক্ষ্মা ৰোগ'ৰ দৰে মাৰাত্মক সোঁচৰা ব্যাধি নিৰ্মূলকৰণত এবছৰ, দুবছৰ নহয়, সুদীৰ্ঘ ২৩ বছৰ কাল ধৰি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি অহাৰ পিছতো আজি পৰ্যন্ত চাকৰি নিয়মীয়া নোহোৱাত এক অনিশ্চয়তাৰ জীৱন যাপন কৰিলগীয়া হৈছে সংশ্লিষ্ট বিভাগৰ পাঁচ শতাধিক কৰ্মচাৰীয়ে।দিয়া

মনকৰিবলগীয়া এয়ে যে ১৯৯৮ চনৰ পৰা পৰ্যায়ক্ৰমে অসমত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিত ঠিকা ভিত্তিক কৰ্মচাৰী হিচাপে নিয়োজিত হৈ অহা এই কৰ্মচাৰী সকলৰ চাকৰি তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলত নিয়মীয়া কৰাৰ কথা আছিল যদিও আজি পৰ্যন্ত সেয়া কৰা নহ'ল।

উল্লেখযোগ্য যে সেই সময়ত স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰাৰ কথা প্ৰকাশ কৰিছিল। সেই মৰ্মে মন্ত্ৰী গৰাকীৰ পৰামৰ্শ মৰ্মে এই ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণৰ বাবে এইচ এল এ ৮৯৪/২০১১ নম্বৰৰ এটা ফাইল সাজু কৰা হৈছিল যদিও কেবাবছৰ ধৰি সেই ফাইল দিশপুৰৰ টেবুলে টেবুলেহে ঘুৰি থাকিল বুলি ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি, অসমৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাৰ এক সূত্ৰই জানিব দিছে।

উদ্বেগৰ বিষয় এয়ে যে ৰাজ্য খনত সংশ্লিষ্ট আঁচনিখন কাৰ্যকৰী কৰাত নিয়োজিত হৈ অহা এই ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ মাজৰে ছগৰাকী কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু হৈছে। এই মৃত কৰ্মচাৰী কেইগৰাকীৰ পৰিয়ালসমূহে মাত্ৰ ৫ লাখ টকাৰ বাহিৰে অইন কোনো চৰকাৰী সা সুবিধা আজিলৈকে পোৱা নাই বুলি জানিব পৰা গৈছে।

সেইগতিকে এইসকল ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, অন্যান্য ৰাজ্যৰ যক্ষ্মা বিভাগৰ কৰ্মচাৰীয়ে যি হাৰত দৰমহা লাভ কৰে একে সমহাৰত অসমত এইসকল কৰ্মচাৰীক দৰমহা দিয়া, মৃত কৰ্মচাৰীৰ পৰিয়ালৰ এগৰাকী সদস্যক চাকৰি দিয়া, কৰ্মচাৰীৰ পেঞ্চন আঁচনি আৰম্ভ কৰা আদি বিষয়ত সততে সৰব হৈ আহিছে ঠিকাভিত্তিক কৰ্মচাৰী সন্থা।

জানিব পৰা মতে ৰাজ্যৰ স্বাস্থ্য খণ্ডত যক্ষ্মাৰ লগতে অন্যান্য আঁচনি ক্ৰমে পালচ্ পলিঅ', মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আদিৰ কামত এই ঠিকা ভিত্তিক কৰ্মচাৰী সকল সততে নিয়োজিত হৈ অহাৰ লগতে এওঁলোক বৰ্তমান ক'ভিড বিৰোধী যুজঁ খনত নিয়োজিত হৈ আহিছে।

এনে প্ৰেক্ষাপটত পূৰ্বৰ কংগ্ৰেছ আমোলত ঠিকাভিত্তিক হিচাপত নিয়োজিত হোৱা সংশ্লিষ্ট কৰ্মচাৰী সকলে তেওঁলোকৰ কৰ্মজীৱন সম্পৰ্কে বিতংভাৱে জ্ঞাত হোৱা তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যথাসম্ভৱ সোনকালে এইক্ষেত্ৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি অসমৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাই গভীৰ আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in