১৪ ছেপ্টেম্বৰত মঙলদৈ লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

১৪ ছেপ্টেম্বৰত মঙলদৈ লৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  ১৪ ছেপ্টেম্বৰ তাৰিখে দেশৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মঙলদৈত প্ৰস্তাৱিত দৰং মেডিকেল কলেজ,কুৰুৱা-

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, মঙলদৈঃ ১৪ ছেপ্টেম্বৰত মঙলদৈ লৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।  ১৪ ছেপ্টেম্বৰ তাৰিখে দেশৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মঙলদৈত প্ৰস্তাৱিত দৰং মেডিকেল কলেজ,কুৰুৱা-নাৰেংগী সংযোগী দলং, আৰু গুৱাহাটীৰ ৰিং ৰোডৰ লগতে কেইবাটাও অভিলাষী আঁ‌চনিৰ আধাৰশিলা স্থাপন কৰিব।

লগতে তেখেতে প্ৰস্তাৱিত দৰং মেডিকেল কলেজৰ চৌহদত এখনি বিশাল জনসভা সম্বোধন কৰিব।  এই জনসভাত লক্ষ্যাধিক লোক উপস্থিত থাকিব বুলি ৰাজ্যিক সভাপতি তথা সাংসদ শইকীয়াই জানিবলৈ দিছে ।

দৰং চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ১৫৬ বিঘা ভূমি আৱন্তন দিছে। এই ভূমিতে দৰং চিকিৎসা মহাবিদ্যালয়, চিকিৎসা সেৱা,বি এ চি নাৰ্চিং মহাবিদ্যালয় ,এ এন এম,জি এন এম নাৰ্চিং মহাবিদ্যালয় স্থাপিত হ'ব বুলি সাংসদ দিলীপ শইকীয়াই জানিব  দিয়ে।।

ভাৰতীয় জনতা পাৰ্টি, ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ  দিলীপ শইকীয়াই মঙলদৈত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব লগীয়া জনসভাৰ স্থান পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক  পল্লৱ লোচন দাস ,মঙলদৈৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী , জিলা বিজেপিৰ সভাপতি মুকুন্দ ডেকাই।

মঙলদৈ