যোৱা ৯জুনৰ পৰা সন্ধান নাই মঙলদৈৰ জিন্টুমণিৰ...

কামৰ সন্ধানত গৈ নিৰুদ্দেশ  হৈ আছে মঙলদৈ বৰকুমাৰ পাৰা গাঁৱৰ ১৯ বছৰীয়া জিন্টু মনি নাথ।লগৰীয়াৰ লগত গুৱাহাটীত কাম কৰিবলৈ ওলাই গৈছিল জিন্টু। কামৰ সন্ধানত গৈ নিৰুদ্দেশ  হৈ আছে

New Update
tyty

ডিজিটেল সংবাদ, মঙলদৈঃ কামৰ সন্ধানত গৈ নিৰুদ্দেশ  হৈ আছে মঙলদৈ বৰকুমাৰ পাৰা গাঁৱৰ ১৯ বছৰীয়া জিন্টু মনি নাথ।লগৰীয়াৰ লগত গুৱাহাটীত কাম কৰিবলৈ ওলাই গৈছিল জিন্টু। আজি ৯/১০ দিনৰ পিছতো জিন্টুৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই ঘৰৰ পৰিয়ালে।যোগাযোগৰ মাধ্যম একমাত্ৰ মোবাইল ফোন টো হৈ আছে বন্ধ।
সেয়েহে দিশ হাৰা হৈ মাক জয়ন্তী নাথে কাষ চাপিচে আৰক্ষীৰ।

ঘটনা অনুসৰি যোৱা ১০ দিন পুৰ্বে ৯ জুনত ছিপাঝাৰ কদমতলীৰ ভাস্কৰ নাথ নামৰ বন্ধুৰ লগত গুৱাহাটী লৈ কামৰ সন্ধানত যায় যদিও জিন্টু আৰু ভাস্কৰৰ কোনো ধৰণৰ যোগাযোগ নাই মাক জয়ন্তী নাথৰ সৈতে সেয়েহে একমাত্ৰ মাতৃ আৰু জয়ন্তী নাথৰ লগতে অঞ্চল বাসী এতিয়া উৎকণ্ঠাত দিন কটাইছে ।

সেয়েহে আৰক্ষীয়ে যুৱক জনৰ অনুসন্ধান কৰি দুখীয়া পৰিয়ালটোত মুখত মাত ঘুৰাই আনিবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃ আৰু আত্মীয়ই। উল্লেখযোগ্য যে ছমাহ পুৰ্বে পিতৃৰ মৃত্যুৰ পিছত একমাত্ৰ উপাৰ্জনকাৰী আছিল জিন্টূ মনি নাথ।ইতিমধ্যে মাতৃয়ে পুত্ৰৰ নিৰুদ্দেশ সম্পৰ্কত মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰে।

অসম