গছতে মৰহিছে শ শ কপৌফুলঃ নিৰাশ ঝাৰগাঁৱৰ যুৱ ব্যৱয়ায়ী…

গছতে মৰহিছে শ শ কপৌফুলঃ নিৰাশ ঝাৰগাঁৱৰ যুৱ ব্যৱয়ায়ী…

ডিজিটেল সংবাদ, মঙলদৈঃ 'কপৌপাহি তোৰে খোপাত ইমান ধুনীয়া দেখি/ জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি / অ' মইহে বুজি পাওঁ চেনাই / তোলৈ বাৰে বাৰে চাওঁ/ কিয় চাই চাই হেপাহ নপলায়' শীৰ্ষক শিল্পী অপূৰ্ব বেজবৰুৱাৰ জনপ্ৰিয় গীতটি এইবাৰ ব'হাগত ডেকা – গাভৰুৰ বাবে যেন হৈ পৰিল এক নষ্টালজিয়া তথা ৰোমন্থন। কিয়নো কোনো ডেকাই এই বহাগৰ বতৰত গীতত বৰ্ণিত ধৰণে নাচনীক বিহুতলীত পোৱা নাই, কাষত পোৱা নাই।

তাৰ পৰিৱৰ্তে একেগৰাকী শিল্পীৰে অইন এটি গীত- 'কিনো জগৰ লগালো আহিম কৈয়ো নাহিলি/ ফুলাম বিহুৱান খনি দিম কৈয়ো নিদিলি/ উৰুঙা মনেৰে চেনাই আছো দেখো ৰৈ/ ব'হাগ দেখো যায় হাতৰ কপৌ ফুল হাততে শুকায়—–' শীৰ্ষক গীতটি এইবাৰ যথেষ্ট প্ৰাসংগিক হৈ পৰিছে। সঁচাকৈয়ে এইবাৰ গছৰ কপৌফুল গছতেই মৰহিব লৈছে। বিহুবলীয়া ডেকাই গাভৰুৰ খোপাত কপৌ ফুল গুজি দিব নোৱাৰি ব্যথিত হৈ পৰিছে।

লহপহকৈ বাঢ়ি অহা কপৌফুল দূৰৈৰ পৰাই চাই হুমুনিয়াহ কাঢ়িছে। ইফালে নাচনীৰো মন বিষাদেৰে ভৰি পৰিছে। ইয়াৰ অন্তৰালত আছে 'কোৰোনা ভাইৰাছ'। বিশ্বত কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে প্ৰিয়তমে আহি প্ৰিয়তমাৰ খোপাত গুজি দিব পৰা নাই কপৌফুল। যাৰফলত অইন ডেকা – গাভৰুৰ দৰে মঙলদৈ জলজলী ঝাৰগাঁৱৰ যুৱক দীপক কুমাৰ ডেকাৰ বাবেও হৈ পৰিছে ব্যথিত।

ব্যথিত নহ'বনো কিয়? কিমান যে আশা কৰি অইন বছৰৰ দৰে এইবাৰো প্ৰয়াত মানিক চন্দ্ৰ ডেকা আৰু গণেশ্বৰী ডেকাৰ তৃতীয় সন্তান দীপক কুমাৰ ডেকাই কপৌফুলৰ খেতি কৰিছিল ! প্ৰতিবছৰে দৰঙৰ লগতে গুৱাহাটীৰ বহু বিহুদলে কপৌফুল বিচাৰি দীপক কুমাৰ ডেকাৰ ঘৰত ভীৰ কৰাৰ দৰে এইবাৰো ভীৰ কৰিব বুলি আশা কৰিছিল।

এপাহি কপৌফুল ৫০ – ১০০ টকাকৈ বিক্ৰী কৰি কেইটামান টকা উপাৰ্জনৰ সপোন দেখিছিল। কিন্তু সপোন বাস্তৱত ৰূপ নাপালে। প্ৰায় ৫০০ টা কপৌফুলে শোভাবৰ্ধন কৰিছে যদিও যুৱক জনৰ ঘৰলৈ কোনেও অহা নাই কপৌফুল ক্ৰয় কৰিবলৈ। আহেনো কেনেকৈ? কোৰোনা ভাইৰাছৰ আতংকই সকলোকে ঘৰৰ ভিতৰতে কৰিছে যে আৱদ্ধ।

সেয়ে নাচনীয়ে খোপাত কপৌফুল গুজি কঁকাল ঘুৰাই ঘুৰাই নাচিব পোৱা নাই। যাৰফলত দীপক কুমাৰ ডেকাৰ কপৌফুলৰ চাহিদাও নাই। উল্লেখ্য যে, এই যুৱক জনৰ গৃহত অকল কপৌফুলেই নহয়, তগৰ, নাহৰ, কামিনী কাঞ্চন, গোলাপ আদি ফুলেও শোভাবৰ্ধন কৰিছে। পুৱাই উঠি কপৌফুল বোৰলৈ দৃষ্টি নিক্ষেপ কৰি যুৱকজনে হুমুনিয়াহ কাঢ়িছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in