ডিজিটেল সংবাদ, মঙলদৈঃ অসম কলা তীৰ্থ আৰু অসম সাহিত্য সভাৰ উদ্যোগত মঙলদৈত শনিবাৰে অসম সাহিত্য সভাৰ প্ৰকল্প ত সাংবাদিক, আৰক্ষী ,পৌৰ কৰ্মী ক মাস্ক, চেনিটাইজাৰ বিতৰণৰ শুভাৰম্ভনী কৰে অসম কলা তীৰ্থ আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াই ৷ লগতে মঙলদৈত বাতৰি কাকত বিতৰণ কৰি জীবিকা নিৰ্বাহ কৰা হকাৰসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ কথাও প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।
ইতিমধ্যে অসম কলা তীৰ্থ আৰু অসম সাহিত্য সভাই দৰং জিলা সাহিত্য সভাক বাতৰি কাকত বিক্ৰী কৰি জীবিকা অৰ্জন কৰা হুকাৰ সকলৰ বাবে কিছু খাদ্য সামগ্ৰী অৰ্পণ কৰা হৈছে বুলি উল্লেখ কৰে, দুই এদিনৰ ভিতৰত সুবিধা অনুযায়ী দৰং জিলা সাহিত্য সভাই হুকাৰ সকলক এই খাদ্য সামগ্ৰী সমূহ প্ৰদান কৰিব।
এই বিতৰন কাৰ্যসূচীত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, জিলা আৰক্ষী অধীক্ষক অমৃত ভুঞা আৰু মঙলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মাৰ উপস্থিতত মঙলদৈ প্ৰেছক্লাৱ আৰু মঙলদৈ মিডিয়া চাৰ্কোলৰ সদস্য আৰু পৌৰ সভাৰ কৰ্মচাৰী সকলক মাক্স আৰু চেনিটাইজাৰ বিতৰণ কৰে ৷
আৰক্ষী অধীক্ষক অমৃত ভূঞা ৰ হাতত দৰং আৰক্ষীলৈ মাক্স আৰু চেনিটাইজ প্ৰদান কৰে অসম কলা তীৰ্থ আৰু অসম সাহিত্য সভাই ।অনুস্থানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে অসম কলা তীৰ্থ ৰ বিষয় ববীয়া সকল উপস্থিত থাকে ৷ অসম কলা তীৰ্থ আৰু অসম সাহিত্য সভাৰ এই মহানুভবতাক আদৰণি জনাইছে মঙলদৈৰ বিশিষ্ট ব্যক্তি সকলে ।