/asomiyapratidin/media/media_files/2025/08/14/tihu-14-2025-08-14-22-41-36.jpg)
ডিজিটেল সংবাদ টিহুঃ নলবাৰী জিলাৰ দ্বিতীয় গুৰুত্বপূৰ্ণ চহৰ টিহুত আজি ব্যতিক্ৰমভাৱে নলবাৰী জিলা দিৱস পালন কৰা হয়। এই উপলক্ষে লখিমপুৰৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী ‘মঙ্গলময় পত্ৰিকা’ৰ নলবাৰী জিলা বিশেষ সংখ্যা আজি টিহুৰ নান্নাট্টাৰীত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
এই উপলক্ষে টিহুৰ নান্নাট্টাৰীস্থিত জলখানা ভঠুৱাখানা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাঘৰত অনুষ্ঠিত উন্মোচনী সভাখনৰ আঁত ধৰে অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটাপ্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱাই। সভাখন মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা লেখিকা আৰু সংগীত শিল্পী নীলিমা দেৱী ভাগৱতীৰ বৰগীতেৰে আৰম্ভ কৰা হয়।
সভাত দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দিবাকৰ শৰ্মাই নিজৰ বক্তব্যত কয় যে সমাজক বাদ দি সাহিত্য, কৃষ্টি, সংস্কৃতি হ'ব নোৱাৰে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই শিল্পী হিচাপে ৰাইজক সন্মান দিছিল। কিন্তু আজিৰ বহু শিল্পীয়ে ৰাইজক সন্মান দিব নাজানে।
সভাত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, লেখক ড০ সুৰেশ চন্দ্ৰ শৰ্মাই আলোচনী, স্মৃতিগ্ৰন্থ একোখন সমাজৰ দাপোণস্বৰূপ বুলি কয়। প্ৰাক্তন ছাত্ৰনেতা হেমচন্দ্ৰ দাসে গুণগত মানৰ আলোচনীয়ে সমাজত সদায় সমাদৰ লাভ কৰে বুলি মন্তব্য কৰে।
বিশিষ্ট সাংবাদিক তথা মঙ্গলময় পত্ৰিকাৰ অতিথি সম্পাদক দিলীপ কুমাৰ হালৈয়ে কয় যে, ক্ষুদ্ৰ আলোচনীবোৰে লেখক, সাহিত্যিক, কবি সৃষ্টিত অৰিহণা যোগাই আহিছে। ভাষণত তেওঁ ‘মংগলময় পত্ৰিকা’ৰ মুখ্য সম্পাদক
জিতেন বৰুৱা আৰু সম্পাদক সঞ্জীৱ উপাধ্যায়ৰ চিন্তাক বাৰুকৈয়ে প্ৰশংসা কৰে।
সভাখনত টিহু সাহিত্য সভাৰ উপ-সভাপতি অজিত কুমাৰ শৰ্মা, জলখানা ভঠুৱাখানা গাঁও পঞ্চায়তৰ সভাপতি ডালিমী বৰ্মন, টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েশ্যনৰ সম্পাদক কুমুদ বৰ্মন আদিয়েও ভাষণ প্ৰদান কৰে। সভাখনত অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট কবি ড০ মঞ্জু হালৈ আৰু জনপ্ৰিয় কবি অলকানন্দ ঠাকুৰীয়াই স্বৰচিত কবিতা আবৃত্তিৰে সভাক অনন্য মাত্ৰা প্ৰদানৰ লগতে উপস্থিত থকা সকলোকে আপ্লুত কৰে। অসম সংগীত পৰিৱেশনৰে সভা সামৰা হয়।