মঙলদৈত নিশা দুস্কৃতিকাৰীয়ে ভাঙিলে মন্দিৰৰ মূৰ্তি

মঙলদৈৰ সমীপৰ চেৰং গেৰীমাৰী, মোৱামাৰি অঞ্চলত সংঘটিত এই ঘটনা। পুৱা পূজা দিবলৈ অহা ভক্তই প্ৰত্যক্ষ কৰে এই দৃশ্য।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মঠ-মন্দিৰসমূহক এক প্ৰকাৰ লক্ষ্য কৰি লৈছে একাংশ দুস্কৃতিকাৰীয়ে । এইবাৰ মঙলদৈত  সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মঙলদৈ চহৰৰ সমীপৱৰ্তী এটা মন্দিৰত নিশা দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰৰ মূৰ্তি ভাঙি পেলাই গ'ল মন্দিৰৰ চৌহদত।

 

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। শ শ ভক্ত আৰু স্থানীয় ৰাইজ মন্দিৰ প্ৰাংগণত উপস্থিত হৈ এই পবিত্ৰ স্থানৰ ওপৰত চলোৱা আক্ৰমণৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। দোষীক অতি সোনকালে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে। উল্লেখ্য যে- মঙলদৈৰ সমীপৰ চেৰং গেৰীমাৰী, মোৱামাৰি অঞ্চলত সংঘটিত এই ঘটনা। পুৱা পূজা দিবলৈ অহা ভক্তই প্ৰত্যক্ষ কৰে এই দৃশ্য।  ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। 

মঙলদৈ