/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-18-22-52.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ বাইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটৰ সমীপত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনা। দলবদ্ধ আক্ৰমণৰ বলি মঙলদৈৰ প্ৰশান্ত ডেকা নামৰ এজন ড্ৰাইভাৰ। প্ৰশান্ত ডেকাৰ ঘৰ মঙলদৈৰ ঠেকেৰাবাৰীত। ডুমুনীচকীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৰোগী লৈ গৈ থকা অৱস্থাত ১৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে।
/asomiyapratidin/media/post_attachments/320aa935-75f.png)
উল্লেখযোগ্য যে, একেদৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈ থকা অৱস্থাত আন এখন বাহনতো আক্ৰমণৰ চেষ্টা আক্ৰমণকাৰী দলৰ। পিছত স্থানীয় ৰাইজে খবৰ দিয়ে বাইহাটা আৰক্ষী থানাক।
/asomiyapratidin/media/post_attachments/e9277592-7f1.png)
তাৰোপৰি ১০৮ জৰুৰীকালীন সেৱাৰ অংশকালীন ড্ৰাইভাৰৰ অনিৰ্দিষ্ট কাললৈ চলি থকা কৰ্মবিৰতি আৰু ধৰ্মঘটৰ সময়ত জিলা প্ৰশাসনে ৰোগীৰ তৎকালীন সেৱাৰ বাবে একাংশ গাড়ী চালকক ব্যৱহাৰ কৰিছিল। কিন্তু তেনে সময়তে জুইয়ে পোৰা ৰোগীক ১০৮ সেৱাৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি ঘূৰি অহাৰ পথত এই ঘটনা সংঘটিত হয়। আনহাতে ভুক্তভোগীয়ে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰি মুখ্যমন্ত্ৰীলৈ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/8778df40-e6d.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us