শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এটি শিশু

মঙলদৈ চহৰৰ বান্দিয়া অঞ্চলত বুধবাৰে আবেলি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এটি শিশু। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

author-image
Asomiya Pratidin
New Update
YGTFHGJHJK

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ চহৰৰ বান্দিয়া অঞ্চলত বুধবাৰে আবেলি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এটি শিশু। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

প্ৰাপ্ত তথ্য অনুসৰি, ঘৰৰ সন্মুখত পথ পাৰ হ’বলৈ গৈ থকা অৱস্থাত ই-ৰিক্সাই খুন্দা মৰাত আব্দুল লটিফ নামৰ শিশুটিৰ থিতাতে মৃত্যু হয়। শিশুটি অঞ্চলটোৰ বাসিন্দা নবিৰ আলিৰ পুত্ৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। 

অৱশ্যে দুৰ্ঘটনাটোৰ খবৰ পাই আৰক্ষী তৎক্ষণাত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পৰৱৰ্তী সময়ত মৃত শিশুটিক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। আনহাতে, ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে।

মঙলদৈ