কণ কণ শিশুৰে ভৰি পৰিল মঙলদৈ গ্ৰন্থ মেলাৰ বাকৰি...

author-image
Asomiya Pratidin
New Update
কণ কণ শিশুৰে ভৰি পৰিল মঙলদৈ গ্ৰন্থ মেলাৰ বাকৰি...

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয় দিনৰ দহ বজাৰ পৰা । প্ৰতিকূল বতৰকো নেওচি বুধবাৰে মংগলদৈ গ্ৰন্থ মেলা বাকৰিত চিত্ৰাংকন আৰু সাধু কোৱা প্ৰতিযোগিতাত অজস্ৰ শিশুৰে ভৰি পৰিল। চিত্ৰাঙ্কন আৰু সাধু কোৱা প্ৰতিযোগিতা খন উদ্ধোধন কৰে মঙলদৈ পৌৰসভাৰ পৌৰপতি লিৰ্মালী শৰ্মা দেৱীয়ে ।

Advertisment

চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ খনি পৰিচালনা কৰে চিত্ৰ শিল্পী ক্ৰমে নয়নজ্যোতি কাশ্যপ, হিতেশ হাজৰিকা আৰু গৌতম বৰুৱাই । চিত্ৰাঙ্কন প্ৰতিযোগিতাত মঙলদৈ বিভিন্ন স্কুলৰ ১৩৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । তিনিটা শাখাত অনুষ্ঠিত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ ক শাখাত (১ম শ্ৰেনীৰ পৰা ৪শ্ৰেনীলৈ) প্ৰথম স্থান অধিকাৰ কৰে ৰিচাঙ্ক বৰুৱা, দ্বিতীয় স্থান লাভ কৰে মাধুয্য ডেকা আৰু তৃতীয় স্থান লাভ কৰে কৌস্তভ মনি চহৰীয়াই লগতে বিচাৰকৰ বিশেষ বটা লাভ কৰে ক্ষ্যাতিকমল ডেকাই । খ শাখাত( ৫ম শ্ৰেনীৰ পৰা ৭ম শ্ৰেনীলৈ) প্ৰথম স্থান লাভ কৰে মেঘ্না দেৱী, দ্বিতীয় স্থান জোনালী চৰকাৰ, আৰু তৃতীয় স্থান লাভ কৰে ধৰিত্ৰী ডেকাই,একে দৰে গ শাখাত ( ৮ম শ্ৰেণীৰ পৰা ১২দশ শ্ৰেনীলৈ) প্ৰথম স্থান লাভ কৰে ঋতুস্মীতা সাহা, দ্বিতীয় আফ্ৰিন চুলতানা আহমেদ আৰু তৃতীয় স্থান লাভ কৰে দেবাশীষ গৌতমে ।

সাধুকোৱা প্ৰতিযোগিতা খনত বিভিন্ন বিদ্যালয়ৰ ২৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগীতা খন পৰিচালনা কৰে অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জ দেৱীয়ে । বিচাৰক হিচাপে উপস্থিত থাকে মানৱ প্ৰতিম দাস আৰু মৃণাল ৰাজবংশী । প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গৰিমা নাথ আৰু নিলাক্ষী কলিতাই, ২য় স্থানত দৃষ্টি ৰঞ্জনি কাশ্যপ আৰু ৩য় স্থান লাভ কৰে দিক্ষীতা ডেকাই । পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ ছাত্ৰী সকলক অহা ১৫ অক্টোবৰ শনিবাৰে ৰাতিপুৱা দহ বজাত গ্ৰন্থ মেলাৰ কাৰ্যসূচীত পুৰস্কাৰ সমুহ প্ৰদান কৰা হ'ব বুলি গ্ৰন্থ মেলাৰ সাহিত্য বিভাগৰ সম্পাদক প্ৰবীণ বৰুৱাই জনাইছে ।

assam mangaldoi