/asomiyapratidin/media/media_files/2025/10/08/ereu6-2025-10-08-17-23-57.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ইটোৰ পিছত আনটো দুৰ্নীতিৰে ভৰি পৰিছে মঙলদৈস্থিত অসম দক্ষতা বিশ্ববিদ্যালয়ত। অসম দক্ষতা বিশ্ববিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই৷ যাৰবাবে বিতৰ্কিত ঠিকাদাৰ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী জনালে সংগঠনটোৱে ৷
উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা বিভিন্ন দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে। ইতিপূৰ্বে কোৱালিটি টেষ্ট নকৰাকৈ গৃহৰ নিৰ্মাণত ইটা ব্যৱহাৰ কৰাৰ অভিযোগ আছে ঠিকাদাৰৰ বিৰুদ্ধে৷ সৰ্বত্ৰে দুৰ্নীতি সংঘটিত হোৱাৰ উমান পাই অসমীয়া যুৱ মঞ্চই তথ্য জনাৰ অধিকাৰৰ ভিত্তিত আবেদন কৰি চাৰিবেৰ নিৰ্মাণ আৰু মাটি পূৰন কৰাৰ বাবদ ৮৬ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য লাভ কৰি ইতিমধ্যে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দিখিল কৰিছে৷
ইফালে, চাৰিবেৰৰ নিৰ্মাণ আৰু মাটি পূৰণ কৰা বিতৰ্কিত ঠিকাদাৰ ভাস্কৰ বৰুৱাই চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি, চৰকাৰী ৰিভিনো পৰ্যন্ত নিদিয়াকৈ সমুদায় ধন আত্মসাৎ কৰা বুলি অসমীয়া যুৱ মঞ্চই দাবী কৰাৰ লগতে বিতৰ্কিত ঠিকাদাৰ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে তদন্তকৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।
ইয়াৰ উপৰিও বহু কেইগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক বালি শিলৰ প্ৰাপ্য ধন আৰু মহিলা শ্ৰমিকক বেতন নিদিয়াৰ অভিযোগ উত্থাপিত কৰে শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ি সকলে। অসমীয়া যুব মঞ্চই এনে অভিযোগ সম্বলিত এখন স্মাৰক পত্ৰ মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া প্ৰাৰ্থ প্ৰতিম বৰুৱাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। সংগঠনটোৱে আশা প্ৰকাশ কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়খন সোনকালেই মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।