/asomiyapratidin/media/media_files/2025/09/04/1-2025-09-04-11-55-31.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ বৃহস্পতিবাৰে পুৱা মঙলদৈ জিলা কাৰাগাৰৰ এগৰাকী কয়দীয়ে চৰম সিদ্ধান্ত গ্ৰহনৰ চেষ্টা চলায়। জানিব পৰা মতে, হত্যাৰ গোচৰত অভিযুক্ত আমাদুল হুচেইন নামৰ মঙলদৈ জিলা কাৰাগাৰ গৰাকীয়ে গামোছাৰে চৰম আত্মহননৰ চেষ্টা কৰে।
১০৭/২৫ নং গোচৰৰ কয়দী গৰাকীৰ বুধবাৰে চাৰ্জশ্বিত দাখিল হোৱাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত লোৱা বুলি কাৰাগাৰ কৰ্তৃপক্ষই মন্তব্য কৰে। কাৰাগাৰ কৰ্তৃপক্ষই ঘটনাটো গম পোৱা লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
লক্ষ্যণীয় যে, এয়া আত্মহননৰ অপচেষ্টা নে আন কিবা এয়া তদন্তৰ পিছতে জানিব পৰা যাব। আমাদুলৰ ঘৰ মঙলদৈৰ সৰু ঠেকেৰাবাৰীত।