মন্দিয়া বিধানসভা সমষ্টিৰ BJPৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তালিকাত ফাৰুক খান

যুৱ নেতাৰ পৰা বিধায়ক হ’বলৈ মন মেলিছে ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে।

author-image
Asomiya Pratidin
New Update
FARUKKK

ডিজিটেল সংবাদ, সৰভোগঃ যুৱ নেতাৰ পৰা বিধায়ক হ’বলৈ মন মেলিছে ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে। মন্দিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ফাৰুক খানে ভাৰতীয় জনতা পাৰ্টীৰ হৈ ২০১৮চনৰ পৰা দলৰ হৈ কাম কৰি আছে বুলি জানিব দিয়ে । 

মন্দিয়া বিধানসভা সমষ্টিত এই চাৰিগৰাকী টিকট প্ৰত্যাশী ক্ৰমে প্ৰাক্তন সাংসদ আব্দুল খালেক, বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বিধায়ক শ্বেৰমান আলী আৰু ভাৰতীয় জনতা পাৰ্টীৰ টিকট প্ৰত্যাশী ফাৰুক খানৰ মাজত হ’ব তুমুল যুজঁ। 

বিধায়ক শ্বেৰমান আলী আৰু হাফিজ ৰফিকুল ইছলাম বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকক তীব্ৰ বাক্যৰে সমালোচনা কৰে ফাৰুক খানে। ভাৰতীয় জনতা পাৰ্টী বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তথা বৰ্তমান মন্দিয়া বিধানসভা সমষ্টিৰ টিকট প্ৰত্যাশী ফাৰুক খানে উল্লেখ কৰে যে কেৱল সামাজিক মাধ্যমত দম্ভালি মাৰি থাকে বিধায়ক শ্বেৰমান আলীয়ে। কিন্তু গোপনে বিষয়াসকলৰ লগত মিতিৰালি কৰি থাকে বিধায়কগৰাকীয়ে।

বিজেপি