/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/3-18.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী আদৰ্শ গাওঁ পঞ্চায়তৰ কুচনিমাৰাত মানকাচৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰৰ উদ্যোগত ঝাউডাঙা ছেক্টৰৰ অংগনাবাদী কেন্দ্ৰৰ কৰ্মী সকলক লৈ পোষণ মাহ উপলক্ষে থলুৱা খাদ্য, শাক-পাচলি তথা ফল-মুলৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়।
উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰাল ভাবে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে প্ৰায় প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অংগনাবাদী কেন্দ্ৰৰ কৰ্মী সকলক সজাগ আৰু সচেতন কৰি তোলা পৰিলক্ষিত হৈছে।
পোষণ মাহৰ সংগতি ৰাখি বুধবাৰে মানকাচৰৰ আদৰ্শ গাওঁ পঞ্চায়তত থকা কুছনিমাৰা-জোৰডাঙা উচ্চ প্ৰাথমিক মাদ্ৰাছাত দিনজোৰা কাৰ্যসূচীৰে পুষ্টিকৰ খাদ্য, শাক-পাচলি তথা ফল-মুলৰ প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়। ২০১৮ চনৰ পৰাই ছেপ্টেম্বৰ মাহটো সমাজ কল্যাণ বিভাগৰ অধীনত সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা এইদৰে পোষণ মাহ পালন কৰি আহা হৈছে। বুধবাৰে মানকাচৰৰ ঝাউডাঙা ছেক্টৰৰ অৰ্ধ শতাধিক অগংনাবাদী কেন্দ্ৰ কৰ্মী তথা সহায়িকা সকলক লৈ এই খাদ্য সামগ্ৰী প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়।
এই প্ৰদৰ্শনী মেলাৰ জৰিয়তে কণ কণ শিশু সকলৰ লগতে গৰ্ভাৱৰ্তী মাতৃৰ এমিনা আৰু পুষ্টিহীন দূৰ কৰাৰ বাবে সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। শিশু তথা গৰ্ভাৱৰ্তী মহিলা সকলৰ পুষ্টি লাভৰ বাবে প্ৰটিন তথা আইৰন যুক্ত শাক-পাচলি, ফলমূল আৰু থলুৱা খাদ্য গ্ৰহণ কৰিব লাগে। কি কি খাদ্য গ্ৰহণ কৰিলে অধিক প্ৰটিন লাভ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন গীতৰ জৰিয়তে প্ৰদৰ্শনী মেলাত উপস্থিত অংগনাবাদী কেন্দ্ৰৰ কৰ্মী-সহায়িকা তথা গৰ্ভাৱৰ্তী মহিলা সকলক সজাগ কৰা হয়।
এই প্ৰদৰ্শনী মেলাত অংগনাবাদী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকা সকলে বিভিন্ন জনগোষ্টীয় থলুৱা খাদ্য ঘৰতে প্ৰস্তুত কৰি খাদ্য প্ৰদৰ্শনী মেলাত প্ৰদৰ্শন কৰাৰ উপৰিও প্ৰটিন তথা আইৰনযুক্ত শাক-পাচলি, ফল-মূল আদিও প্ৰদৰ্শন কৰে। আনহাতে গৰ্ভাৱৰ্তী মহিলা সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁলোকৰ পুষ্টিৰ বাবে বিভিন্ন প্ৰটিনযুক্ত খাদ্য এই মেলাৰ জৰিয়তে প্ৰদান কৰা হয়।