বহিঃৰাজ্যত মানকাচৰৰ ৭ শ্ৰমিকক বিদেশীৰ নামত হাৰাশাস্তি

বহিঃৰাজ্যত মানকাচৰৰ ৭ শ্ৰমিকক বিদেশীৰ নামত হাৰাশাস্তি। বেংগালুৰুৰ এখন থানাত আৰক্ষীয়ে সন্দেহজনক বিদেশী হিচাপে আটক কৰে মানকাচৰৰ শ্ৰমিকক।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ বহিঃৰাজ্যত মানকাচৰৰ ৭ শ্ৰমিকক বিদেশীৰ নামত হাৰাশাস্তি। বেংগালুৰুৰ এখন থানাত আৰক্ষীয়ে সন্দেহজনক বিদেশী হিচাপে আটক কৰে মানকাচৰৰ শ্ৰমিকক। শ্ৰমিক কেইজন ক্ৰমে আমিৰ হুছেইন,জুলফিকাৰ আহমেদ,মনোৱাৰ হুছেইন,মমিৰুল ইছলাম,মিনাৰ হুছেইন,মহাম্মদ আমিনুল ইছলাম আৰু সাহৰ আলি বুলি জানিব পৰা গৈছে। 

WhatsApp Image 2026-02-27 at 12.39.40

বৃহস্পতিবাৰে সন্ধিয়া এই আটাইকেইগৰাকী শ্ৰমিকক আৰক্ষীয়ে সন্দেহ জনক বিদেশী হিচাপে আটক কৰে। নিশা ২ বজাত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত শ্ৰমিক কেইজনক থানাৰ পৰা মুকলি কৰিবলৈ সক্ষম হয়। শ্ৰমিক কেইজনৰ নথি-পত্ৰ পৰিয়ালৰ পৰা হোৱাটছ এপযোগে জমা কৰাৰ পাচত শ্ৰমিক কেইজনক বিধায়ক আমিনুল ইছলামৰ জামিনত মুকলি কৰি দিয়ে। 

ইপিনে আজি পুৱা ১১ বজাত তেওঁলোকক পুনৰ থানা খনত হাজিৰ হবলৈ দিয়ে। পুৱা থানা খনত হাজিৰ হৈ ভাৰতীয় নাগৰিকৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ পাচত তেওঁলোকক সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছে বুলি বিধায়ক আমিনুল ইছলামে জানিবলৈ দিয়ে। 

মানকাচৰ