মানকাচৰৰ মেলা ঘাটত ষট্ পূজাঃ সূৰ্য দেৱতাক প্ৰণাম জনাই বিশ্ব শান্তিৰ বাবে পূজা- অৰ্চনা...

ষট্ পূজা মানে সূৰ্য দেৱতাৰ পূজা। বিহাৰ, উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ডৰ সমান্তৰালকৈ অসমতো উলহ- মালহেৰে অনুষ্ঠিত কৰা হয় ষট্ পূজা। পূজা উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ  ষট্ পূজা মানে সূৰ্য দেৱতাৰ পূজা। বিহাৰ, উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ডৰ সমান্তৰালকৈ অসমতো উলহ- মালহেৰে অনুষ্ঠিত কৰা হয় ষট্ পূজা। পূজা উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা নদীৰ পাৰত অস্থায়ীভাৱে নিৰ্মান কৰা পূজা মণ্ডপত হেজাৰ হেজাৰ ভক্তৰ সমাগম হয় ।

বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰৰ কালো নদীৰ পাৰত অশোক অষ্টমী মেলা ময়দানত প্ৰতি বছৰৰ দৰে এই বেলিও আযোজন কৰা হৈছে ষট পূজা৷ মানকাচৰ ষট পুজা আয়োজন কমিটিৰ উদ্দোগত প্ৰতি বছৰে আটকধুনীয়াকৈ আয়োজন কৰা হয় ষট পুজা ৷ যোৱা কেবাদিন ধৰি কালো নদীৰ পাৰত ঘাট নিৰ্মাণ কৰাৰ লগতে নদীৰ পাৰ পৰিস্কাৰ কৰাৰ অন্তত আজি আবেলিৰ পৰা মূৰত ডালিহলৈ আৰু একাংশ মহিলাই শষ্ঠাং প্ৰনাম কৰি কালো নদীত নামি সূৰ্য দেৱতাক সূয্যঅস্ত যোৱালৈ  আৰধনা কৰা পৰিলক্ষিত হয়৷

কাইলৈ ৰাতিপুৱা পুনৰ সুৰ্য্য উদয়ন নহোৱিলৈ আৰধনা কৰিব ভক্ত সকলে। মানকাচৰৰ কালো নদীৰ পাৰত মানকাচৰৰ হেজাৰ হেজাৰ ভক্ত প্ৰাণ ৰাইজৰ সমাগম হয়৷হিন্দু আৰু মুছলমান লোক সকলেও মানকাচৰৰ অশোক অষ্টমী মেলাঘাটত ষট পূজা চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। ইপিনে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন পূজাস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱহাৰ গঢ়ি তোলা পৰিলক্ষিত হৈছে ৷

পূজাস্থলীতে অস্থায়ী মন্দিৰ নিৰ্মাণ কৰাৰ লগতে আলোক সজ্জাৰ সুব্যৱস্থা কৰা হৈছে৷ মানকাচৰ ষট পুজা কমিটিযে প্ৰতি বছৰৰ দৰে এইবেলিও সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে । আনহাতে ভক্তপ্ৰান ৰাইজৰ বাবে খিচিৰি প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। কাইলৈ পুৱা সূৰ্য উদয় হোৱাৰ লগে লগে ষট পূজাৰ চাৰিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব। মানকাচৰত বিহাৰী, মাৰোৱাৰী আৰু বেঙলী সম্প্ৰদায়ৰ লোকে একত্ৰিত ভাৱে ষট পূজা অনুষ্ঠিত কৰে।

জিলাখনৰ কালাপানী, দক্ষিণ শালমাৰা, ফকিৰগঞ্জ, পাটাকাটা আৰু হাজিৰহাট এলেকাতো ষট পূজাৰ আয়োজন কৰা হৈছে। অনহাতে চুবুৰীয়া মেঘালয়ৰ লালমাটি ঘাটতো জিঞ্জিৰাম নৈৰ পাৰত বিহাৰী সম্প্ৰদায়ৰ লোক সকলে উল-মালহেৰে ষট পূজা পালন কৰা দেখা যায়। কাইলৈ পুৱা ৩ বজাতে নৈৰ ঘাট সমূহত ভক্তৰ সমাগম ঘটিব। লক্ষণীয় যে, মানকাচৰ মেলা ময়দানত ষঠ পূজাস্থলীত হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

দক্ষিণ শালমাৰা