বেটি বচাও,বেটি পঢ়াও কাৰ্য্যসূচীৰ ১০ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন...

আলগা গাঁও পঞ্চায়তত বেটি বচাও, বেটি পঢ়াও কাৰ্য্যসূচীৰ ১০ বছৰীয়া বৰ্ষপূতি উদযাপন। সেই উপলক্ষে আজি চৰ আৰু সীমান্তৱৰ্তী গাঁৱৰ মহিলাৰ মাজত বিশেষ সজাগতা আৰু নেপকিন বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
vbb

ডিজিটেল সংবাদ,মানকাচৰঃ  দক্ষিণ শালমাৰা মানকাচৰ জিলা মহিলা সৱলীকৰন কেন্দ্ৰৰ উদ্যোগত বাংলাদেশ সীমান্তৱৰ্তী বৰাইৰ আলগা গাঁও পঞ্চায়তত বেটি বচাও, বেটি পঢ়াও কাৰ্য্যসূচীৰ ১০ বছৰীয়া বৰ্ষপূতি উদযাপন। সেই উপলক্ষে আজি চৰ আৰু সীমান্তৱৰ্তী গাঁৱৰ মহিলাৰ মাজত বিশেষ সজাগতা আৰু নেপকিন বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। 

এই কাৰ্য্যসূচীত বি এছ এফৰ মহিলা জোৱানৰ উপৰিও বৰাইৰ আলগা বি এছ এফ কেম্পৰ কোম্পানী কমাণ্ডেণ্ট সহ জিলা সমাজ কল্যাণ বিভাগৰ একাংশ বিষয়া উপস্থিত থাকে। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰহৰী বি এছ এফৰ ৪৫ নং বেটেলিয়া আৰু হাটশিঙিমাৰী জিলা প্ৰশাসনে সহযোগ কৰা এই অনুষ্ঠানত মহিলা সকলক মাহেকীয়া সম্পৰ্কে সজাগতা প্ৰদান কৰে।

বিশেষকৈ মহিলা সকলে মাহেকীয়াৰ সময়ত কিদৰে নিজকে বীজাণুমুক্ত কৰি পৰিষ্কাৰ কৰি ৰাখিব সেই সম্পৰ্কে আলোচনা কৰা হয়। চৰ আৰু সীমান্তৱৰ্তী এলেকাৰ দুই শতাধিক মহিলাক চৰকাৰী বিনামূলীয়া নেপকিন বিতৰণ কৰা লগতে ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত অৱগত কৰে।

বেটি বচাও,বেটি পঢ়াও