ডিজিটেল সংবাদ,মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাত দীৰ্ঘ দিনৰ পৰা বিভিন্ন পাহাৰত জেছিবীৰে চলি আছে বন ধ্বংস লীলা। এই সন্দৰ্ভত মানকাচৰ বন বিভাগে নিৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন হৈছে। দিনে নিশাই বাঘাপাৰা আৰু পানকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন পাহাৰ সমূহত জেছিবীৰ দ্বাৰা খনন কাৰ্য চলাই থকাৰ মাজতো নিৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে জিলাখনৰ বন বিভাগে।
দীৰ্ঘ দিন ধৰি একাংশ ব্যক্তিয়ে মোটা অংকৰ ধনৰ বিনিময়ত বন বিভাগক মেনেজ কৰি নিজৰ মুনাফা লাভৰ বাবে পাহাৰ সমূহ ধ্বংস কৰি আহিছে বুলি অভিযোগ পোৱা গৈছে। বন ধ্বংস কাৰ্যৰ বিৰুদ্ধে দল- সংগঠনে বিভিন্ন অভিযোগ দিয়াৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে জিলা আমছুৱে।
বন মাফিয়া সকলে পূৰ্বাঞ্চলৰ বিভিন্ন পাহাৰ সমূহৰ পৰা ডাঙৰ ডাঙৰ গছ কাটি ধ্বংসলীলা চলাইছে। জিলাখনৰ বিভিন্ন ঠাইত আজিলৈকে কিয় বন্ধ হোৱা নাই বন ধ্বংস কাৰ্য ? কাৰ ছত্ৰছায়াত পাহাৰৰ খনন কাৰ্য চলি থকা বুলি সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে।